ৰাজ্যত অনুষ্ঠিত হৈ যোৱা ADRE পৰীক্ষাক লৈ বৰ্তমানেও অব্যাহত আছে বিতৰ্ক৷ পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকত ভাইৰেলৰ অভিযোগ একাংশৰ৷ পিছে, ভাইৰেল হোৱা প্ৰশ্নকাকতক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ মুখ্যমন্ত্ৰীয়ে কয়, পৰীক্ষাৰ পাছত প্ৰশ্ন কাকতৰ ভাইৰেল বিয়াৰ পিছৰ পেণ্ডেলৰ দৰে ৷ যিধৰণে বিয়া সম্পন্নৰ পিছত পেণ্ডেলৰ কাম নাই, তেনেদৰ পৰীক্ষা হৈ যোৱাৰ পিছত কিহৰ কাম প্ৰশ্নকাকতৰ৷
আগন্তুক অনুষ্ঠিত হ’বলগীয়া প্ৰতিটো পৰীক্ষা প্ৰশ্নকাকত পৰীক্ষাৰ্থীয়ে লাভ কৰিব বুলিও মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ৷ পিছে, প্ৰশ্নকাকত ভাইৰেলক লৈ সংবাদ মাধ্যমে কৰা বাতৰিক লৈ সৰৱ মুখ্যমন্ত্ৰীয়ে কয়, মোক আপোনালোকে বেয়া পাওক, কিন্তু ৰাজ্যৰ ১১ লাখ ল’ৰা-ছোৱালীক লৈ কিয় ধেমালি? পৰীক্ষা ১০ বাজি ৩০ মিনিটত আৰম্ভ হৈছিল৷ বিপৰীতে ২ বাজি ১৭ মিনিটত প্ৰশ্নকাকত ম’বাইলত ভাইৰেল হৈছিল৷ পৰীক্ষা হৈ যোৱাৰ পিছত প্ৰশ্ন ভাইৰেলত ভাবিবলগা কি?
মুখ্যমন্ত্ৰীয়ে কয়, ADRE পৰীক্ষাত একাংশই যিকোনো প্ৰকাৰে পৰীক্ষাত খুট উলিওৱাৰ চেষ্টা চলাইছে৷ ইয়াৰে ভিতৰত আছে একাংশ সংবাদ মাধ্যমৰ লোকো৷ পিছে, এনে প্ৰচেষ্টাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লোকচান নহয়, বিপৰীতে যুৱক-যুৱতীসকলৰহে লোকচান হ’ব৷ পৰীক্ষা ভাল হৈছে ৰিজাল্টো ভাল হ’ব৷ সংবাদ মাধ্যমকো প্ৰাৰ্থীৰ মা-দেউতাকক লগত লৈ শ্ব’ কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ৷ ইমানে নহয়, ৰাজ্যৰ দুটামান সংবাদ মাধ্যমে ৰাইজৰ পৰা আঁতৰি যোৱা বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ৷