ADRE Question Paper Leak : ভিনিহিয়েক-খুলশালীয়েকে মিলি ভাইৰেল কৰিছিল ADREৰ প্ৰশ্নকাকত!


 

Assam Direct Recruitment Examination প্ৰশ্নকাকত ভাইৰেল কাণ্ড সন্দৰ্ভত ৮ অভিযুক্তক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। প্ৰশ্নকাকত ভাইৰেল মূল অভিযুক্ত মংগল ছিং বসুমতাৰীক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। মংগল ছিং বসুমতাৰীৰ খুলশালী তথা পৰীক্ষাৰ্থী দিজেন বড়োকো গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। মংগল ছিং বসুমতাৰীয়ে খুলশালীয়েকক দিছিল প্ৰশ্নকাকত। জানিব পৰা অনুসৰি ভিনিহিয়েক খুলশালীয়েকে মিলি ভাইৰেল কৰিছিল প্ৰশ্নকাকত। আনফালে ধেমাজিৰ চিমেন চাপৰিৰ উপেন্দ্ৰ নেচনেল একাডেমীৰ চেণ্টাৰ ইনচাৰ্জ বিমান বসুমতাৰী, ছুপাৰ ভাইজাৰ গোপাল তামুলী আৰু এলবাৰ্ট দেউৰী, ইনভিজিলেটৰ ৩জন ক্ৰমে মনোহৰ নাৰ্জাৰী , উমেশ ব্ৰহ্ম আৰু দিলীপ দৈমাৰীক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। ধেমাজিৰ আৰক্ষী হিতেশ ৰায়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে এই তথ্য ৷


ধেমাজিৰ চিমেন চাপৰিৰ উপেন্দ্ৰ নেচনেল একাডেমীৰ পৰা ভাইৰেল হৈছিল প্ৰশ্নকাকত। আৰু ধেমাজিৰ চিমেন চাপৰিৰ উপেন্দ্ৰ নেচনেল একাডেমীত ভিডিঅ’গ্ৰাফাৰ ৰূপে নিযুক্তি আছিল মংগল ছিং বসুমতাৰী। ফটো তোলাৰ কথা স্বীকাৰ কৰিছে অভিযুক্ত মংগল ছিং বসুমতাৰীয়ে।

ADREৰ প্ৰশ্নকাকত ফাদিলক লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য। ‘‘মোক আপোনালোকে বেয়া পাওক কিন্তু ৰাজ্যৰ ১১ লাখ ল’ৰা-ছোৱালীক লৈ কিয় ধেমালি কৰিছে। ১০ বাজি ৩০ মিনিটত আৰম্ভ হোৱা পৰীক্ষাৰ ২ বাজি ১৭ মিনিটত প্ৰশ্নকাকত ম’বাইলত ভাইৰেল হৈছে। তাত ভাৱিব লগা কি আছে, পৰীক্ষা ইতিমধ্য শেষ হৈছে। আগন্তুক পৰীক্ষাসমূহৰ প্ৰশ্নকাকত পৰীক্ষাৰ্থীৰ লাভ কৰিব। নিযুক্তি পৰীক্ষাত খুঁত উলিয়াবলৈ একাংশই প্ৰচেষ্টা কৰিছে। তাত হিমন্ত বিশ্ব শৰ্মাৰ লোকচান নহয়, যুৱক-যুৱতীসকলৰহে লোকচান হ’ব।’’

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ‘‘টেলিভিছনত যেনেকৈ প্ৰচাৰ চলাই আছে, ইয়াৰ ফলত যুৱক-যুৱতীসকল সংবাদ মাধ্যমৰ পৰা আঁতৰি যাব। পৰীক্ষা ভাল হৈছে, ৰিজাল্টো ভাল হ’ব। পৰীক্ষা শেষ হোৱাৰ পিছত প্ৰশ্ন কাকতৰ মূল্য ক’ত? পৰীক্ষাৰ পাছত প্ৰশ্ন কাকতৰ মূল্য বিয়াৰ পিছৰ পেণ্ডেলৰ দৰে।’’

Post a Comment

Previous Post Next Post