অসমত থাকি, অসমতে খাই, অসমীয়া ভাষাক অপমান কৰা দুঃসাহস বিদেশী বণিয়াৰ


 

বিদেশৰ ব্যৱসায়ীৰ ডেমাকি। অসমতে থাকি অসমীয়া ভাষাক অপমান ব্যৱসায়ীৰ। গোলাঘাটৰ বেঙেনাখোৱাত নিশা উত্তপ্ত পৰিস্থিতি। অসমতে থাকি হোটেলৰ ব্যৱসায় কৰা বিদেশৰ ব্যৱসায়ীৰ অসমীয়া ভাষাক দুৰ্ব্যৱহাৰ। ৰেহান তুৰ্কী নামৰ নামৰ এজন ব্যৱসায়ী আৰু সংগঠনৰ নেতাৰ মাজত সৃষ্টি হ’ল হতাহতি পৰিস্থিতিৰ। পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে উলিয়াব লগীয়া হ’ল পিষ্টল।

উল্লেখ্য যে গোলাঘাট বেঙেনাখোৱা ৰোডত থকা ‘La Sani’ নামৰ ৰেষ্টোৰাখনত খাবলৈ গৈছিল জাতীয় সংগ্ৰামী সেনাৰ সাধাৰণ সম্পাদক মানৱ গগৈ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলা সমিতিৰ কাৰ্যকৰী সভাপতি অৰিন্দম তামুলীকে ধৰি একাংশ ছাত্ৰ সদস্য। ব্যৱসায়িক প্ৰতিষ্ঠানখনত কিয় অসমীয়াত ফলক লিখা নাই বুলি সোধাত সংগঠনৰ নেতা সদস্যক ব্যৱসায়ী ৰেহান তুৰ্কীয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে।পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে মানৱ গগৈ, অৰিন্দম তামুলী আৰু ব্যৱসায়ী ৰেহান তুৰ্কীক আটক কৰে।

গোলাঘাটৰ ২১টা যৌথ মঞ্চই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ বেনাৰসমূহ অসমীয়াত লিখিবলৈ দাবী জনাই আহিছিল। কিন্তু La Sani ৰেষ্টোৰাঁৰ স্বত্বাধিকাৰক বিষয়টো সোধাক লৈয়ে যি পৰিস্থিতিৰ উদ্ভৱ হ’ল তাক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।

Post a Comment

Previous Post Next Post