ডকাইতৰ দৰে লুটপাতত নামিল আবকাৰী দল। আৰক্ষীৰ অবিহনে বঙাইগাঁৱৰ বিজনীত চলিল আবকাৰী বিভাগৰ অভিযান। পিছে তালাচী চলাবলৈ গৈ একো নাপাই লুটিলে পাটীৰ তলৰ নগদ ধন। বৃহৎ সুৰাৰ ঘাটি উৎখাত কৰিবলৈ গৈ পালেগৈ ফ্ৰীজত খাবৰ বাবে ৰখা এটা মাত্ৰ বিয়েৰৰ বটল, পিছে ইমানৰ পিছতো অন্ত নপৰিল আবকাৰীৰ আজৱ কাণ্ড।
এইবাৰ মিছা গোচৰত আটক কৰি আটকাধীন লোকক ২ লক্ষাধিক টকাৰ ধন দাবী। আৰক্ষীৰ অজ্ঞাতে ঘটিল আবকাৰীৰ অতবোৰ কাণ্ড। উল্লেখ্য যে ১১ ছেপ্টেম্বৰত বিজনীৰ বিভিন্ন স্থানত অভিযান চলাইছিল বঙাইগাঁও জিলাৰ আবকাৰী বিভাগৰ ১০জনীয়া এটা দলে। পিছে সকলোকে হতভম্ব কৰি কোনো অৰুণাচলী সুৰা বা সুৰা ব্যৱসায়ৰ সৈতে জড়িত নথকা লোকৰ বিৰুদ্ধে আবকাৰী বিভাগে চলাইছিল অভিযান।
অভিযান চলাবলৈ গৈ এখন দোকানত ফ্ৰীজত দুটা বীয়েৰৰ বটল জব্দ কৰে অভিযানকাৰী দলটোৱে। ইফালে সুৰা ব্যৱসায়ৰ সৈতে কোনো প্ৰকাৰে জড়িত নথকা লোককো আটক কৰি মাৰধৰ কৰাৰ চাঞ্চল্যকৰ অভিযোগ উঠিছে আবকাৰী বিভাগৰ বিৰুদ্ধে। সোণাইখোলাৰ এটা পৰিয়ালৰ ঘৰত তালাচী চলাই নগদ ৪৭ হাজাৰ টকা আবকাৰী বিভাগে চুৰি কৰি লৈ যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
অভিযানকাৰী দলটোৱে ওৰে নিশা ধনৰ দৰদামৰ নিমিলা অংকৰ খাতিৰত আবদ্ধ কৰি ৰাখি পুৱতি নিশা এৰি দিয়ে ৪গৰাকী মহিলাসহ আটকাধীন লোকসকলক। আনহাতে লোকসকলক মুকলি কৰি দিয়াৰ বাবদ ২০ হাজাৰৰ পৰা ১ লাখ পৰ্যন্ত টকা লোৱা বুলি অভিযোগ উঠিছে।এতিয়া প্ৰশ্ন হয় বিজনীৰ আৰক্ষীক অৱগত নকৰোৱাকৈ চলোৱা এই অভিযান কিমান গ্ৰহণযোগ্য। লগতে অপৰাধীৰ দৰে আটক কৰি লৈ গৈ কাৰো নামত গোচৰ পঞ্জীয়ন নকৰাৰ কাৰণক লৈ এতিয়া সৃষ্টি হৈছে গভীৰ ৰহস্যৰ।