প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে BlueKraft Digital Foundationএ মুকলি কৰিছে বিকশিত ভাৰত শীৰ্ষক ফেল’শ্বিপ। তিনিটা স্তৰত ভাগ কৰা এই ফেল’শ্বিপসমূহ হৈছে- ব্লুক্ৰাফ্ট এছ’চিয়েট ফেল’শ্বিপ, ব্লুক্ৰাফ্ট ছিনিয়ৰ ফেল’শ্বিপ, আৰু ব্লুক্ৰাফ্ট ডিষ্টিংগুইচড ফেল’শ্বিপ। আগ্ৰহী প্ৰাৰ্থীসকলে ১ নৱেম্বৰৰ ভিতৰত bluekraft.in/fellowship আবেদন কৰিব পাৰে। বিভিন্ন ক্ষেত্ৰৰ সৃজনশীল প্ৰতিভাক উৎসাহিত আৰু শক্তিশালী কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ‘বিকশিত ভাৰত ফেল’শ্বিপ’ কাৰ্যসূচীৰ অধীনত উদীয়মান প্ৰতিভা, অভিজ্ঞ আৰু পেছাদাৰী ব্যক্তি, শিক্ষাবিদ আৰু বিশেষজ্ঞসকলক ভাৰতৰ বিষয়ে এক অৰ্থপূৰ্ণভাৱে অৰিহণা যোগোৱাৰ বাবে শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে ২৫টা ফেল’শ্বিপ আগবঢ়োৱা হ’ব।
ফেল’শ্বিপটোৱে বিভিন্ন শিতানৰ জৰিয়তে ভাৰতৰ বিবিধ যাত্ৰাৰ নথিভুক্ত সমলৰ উদযাপন কৰিব বিচাৰে। যাৰ ভিতৰত আছে অ-কল্পকাহিনীমূলক কিতাপ, প্ৰবন্ধ, গৱেষণা পত্ৰ, সামাজিক বিষয় আৰু মূল্যবোধক প্ৰতিফলিত কৰা শিশু-সাহিত্য, কফি টেবুল কিতাপ, কেছ ষ্টাডী ইত্যাদি।
ব্লুক্ৰাফ্ট এছ’চিয়েট ফেল’ এজনে মাহিলি ৭৫,০০০ টকাৰ বৃত্তি লাভ কৰিব, ব্লুক্ৰাফ্ট ছিনিয়ৰ ফেল’ এজনে মাহিলি ১ লাখ ২৫ হাজাৰ টকাৰ বৃত্তি লাভ কৰিব ব্লুক্ৰাফ্ট ডিষ্টিংগুইচড ফেল’ এজনে এবছৰৰ ফেল’শ্বিপৰ সময়ত ২ লাখ টকাৰ মাহিলি বৃত্তি লাভ কৰিব।
ফেল’সকলে গৱেষণা আৰু লেখাৰ বাবে নিৰ্বাচিত সমলৰ সৈতে তেওঁলোকৰ কাম উন্নত কৰিব পৰা আলোচনা আৰু অধিক সুবিধাৰ বাবে অভিজ্ঞ বিষয়-বিশেষজ্ঞ, প্ৰখ্যাত পেছাদাৰী আৰু চিন্তাধাৰাৰ লোকসকলৰ সৈতে পৰামৰ্শ গ্ৰহণৰ সুবিধা লাভ কৰিব।
সম্পূৰ্ণ হোৱা কামবোৰ ব্লুক্ৰাফ্ট ডিজিটেল ফাউণ্ডেশ্যনৰ অধীনত প্ৰকাশ কৰা হ’ব পাৰে, যিয়ে ফেল’সকলক বৃহত্তৰ দৰ্শকৰ ওচৰলৈ যাবলৈ আৰু বিকশিত ভাৰতৰ ওপৰত আলোচনাত অৰিহণা যোগোৱাৰ বাবে এখন মঞ্চ প্ৰদান কৰিব। আগ্ৰহী প্ৰাৰ্থীসকলে ১ নৱেম্বৰৰ ভিতৰত তেওঁলোকৰ আবেদন দাখিল কৰিব পাৰে।