ৰাজ্যত অসহনীয় গৰম। ছেপ্টেম্বৰ মাহটোত জনজীৱন বিপৰ্যস্ত কৰি তোলা উৎকট গৰমৰ বাবে অতিষ্ঠ হৈ পৰিল ৰাজ্যবাসী। দৈনিক ঊৰ্ধ্বমুখী হোৱা তাপমাত্ৰাই ত্ৰাহি মূধসূদন সোঁৱৰাইছে সৰ্বসাধাৰণক। এইবাৰ ৭৫ বছৰৰ ভিতৰত ছেপ্টেম্বৰ মাহত সবাতোকৈ কম হাৰত হ’ল বৰষুণ। ছেপ্টেম্বৰ মাহত অস্বাভাৱিক হাৰত হ্ৰাস পাইছে বৰষুণ। ৯৯ শতাংশলৈ হ্ৰাস পাইছে বৰষুণৰ হাৰ। চলিত মাহত হঠাৎ বতৰৰ অস্বাভাৱিক পৰিৱৰ্তন দেখিবলৈ পোৱা গ’ল। বৰষুণ নোহাৱাৰ বাবে খৰাঙৰ কৱলত পৰিল হাজাৰ হাজাৰ বিঘাৰ ধাননি পথাৰ। ৰাজ্যখনত ৬১ৰ পৰা ৯৯ শতাংশ বৰষুণ হ্ৰাস পোৱাৰ বাবে ৫ৰ পৰা ৭ ডিগ্ৰীলৈ বৃদ্ধি পালে তাপমাত্ৰা।
১ ছেপ্টেম্বৰৰ পৰা ২১ ছেপ্টেম্বৰলৈকে ৰাজ্যৰ বেছিভাগে জিলাতে হ্ৰাস পালে বৰষুণৰ মাত্ৰা। চিৰাং, বাক্সা, বঙাইগাঁও, নলবাৰী, বৰপেটা, কামৰূপ (ম), কামৰূপ, দৰং, ওদালগুৰি, নগাঁও, মৰিগাঁও, শোণিতপুৰ, ধেমাজি, তিনিচুকীয়া, ডিমা হাচাও, যোৰহাট, মাজুলী, আৰু গোলাঘাটত বৰষুণৰ হাৰ হ্ৰাস পোৱা পৰিলক্ষিত হয়।
অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰ এল ডেকাই জানিবলৈ দিয়া মতে, সাধাৰণতে ছেপ্টেম্বৰ মাহত ২৪০ মিলিলিটাৰ বৰষুণ হয়। কিন্তু চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ ২৩ দিনৰ ভিতৰত যোৰহাট জিলাখনত মাত্ৰ ৮ মিলিমিটাৰহে বৰষুণ দিলে। ২০১০ চনৰ আগতে শীতকালীন বৰষুণৰ পৰিমাণ আছিল ৭০ মিলিমিটাৰ, কিন্তু ২০১০ চনৰ পাছত ৩০ মিলিমিটাৰলৈ হ্ৰাস পাইছে বৰষুণৰ হাৰ, যাৰ ফলত ৰবি শস্যৰ খেতি কৰাত কৃষকসকল বহু সমস্যাৰ সন্মুখীন হৈছে বুলি কয় অধ্যাপক আৰ এল ডেকাই।
ছেপ্টেম্বৰ মাহটো শাৰদীয় বতৰ নামেৰে জনা যায়। কঁহুৱা ফুলাৰ বতৰত পুৱাই গ্ৰামাঞ্চলসমূহত কুঁৱলি, নিয়ৰ পৰা দেখা যায় যদিও এইবাৰ এই দৃশ্য দেখিবলৈ পোৱা নগ’ল। ৰাজ্যৰ প্ৰায়কেইখন জিলাতে প্ৰচণ্ড গৰমৰ প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে। শীতৰ আগমনৰ বতৰা লৈ অহা এই মাহটোত পুৱাৰ ভাগত নপৰিল কুঁৱলি আৰু নিয়ৰ। এইবাৰ হঠাৎ বতৰৰ অস্বাভাৱিক পৰিৱৰ্তনৰ বাবে ৰাজ্যখনত হ্ৰাস পালে বৰষুণ। ২০১০ চনৰ পৰা শীতকালীন বৰষুণৰ পৰিমাণ যথেষ্ট পৰিৱৰ্তন হৈছে। ৰাজ্যখনত বৰষুণৰ বাৰ্ষিক গড়ৰ পৰিমাণ আছিল ২,৩২৫ মিলিমিটাৰ আৰু ১৯৯৩ চনৰ পিছত ২,১১৬ মিলিমিটাৰলৈ হ্ৰাস পাইছে। ১১৮ বছৰত (১৯০১-২০১৮) শেহতীয়াকৈ কৰা পৰিসংখ্যা বিশ্লেষণত পোৱা গৈছে এই তথ্য। বতৰ বিজ্ঞানৰ তথ্য অনুসৰি ২৫ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত অধিক হাৰত বৰষুণ অহাৰ সম্ভাৱনা আছে। লক্ষণীয়ভাৱে সোমবাৰে অভিলেখ ভংগকাৰী গৰমৰ সন্মুখীন হৈছিল ৰাজ্যবাসী। অৱশ্যে বিয়লিলৈ ৰাজ্যৰ কিছু কিছু ঠাইত বৰষুণ হোৱাৰ বাবে গ্ৰীষ্মৰ উত্তাপৰ পৰা কিছু সকাহ পালে লোকসকলে।