বিচনাৰ ওপৰত বিষাক্ত গ্ৰীন পিট ভাইপাৰ, নিশা হুৱাদুৱা লাগিল এটা পৰিয়ালত


 

অতি বিষাক্ত গ্ৰীণ পীট ভাইপাৰৰ আতংক। স্থানঃ বোকাখাতৰ কৈলাখাত গাঁও। হঠাৎ নিশা প্ৰায় ৯.৩০ বজাত গাঁওখনৰ ৰণ হাজৰিকাৰ বাসগৃহত লাগিল হুৱাদুৱা। ওলাই আহিল ওচৰ-চুবুৰীয়া। কিবা এটা যেন অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে তাৰ উমান পাইছিল কৈলাখাতবাসী ৰাইজে। এজন দুজনকৈ গাঁৱৰ ৰাইজ ৰণ হাজৰিকাৰ ঘৰখনত উপস্থিত হ’লহি। হয়, সঁচাকৈয়ে আতংকিত হ’বলগীয়া ঘটনা। ঘৰখনৰ চাঙৰ ওপৰত এডাল সেউজীয়া ৰঙৰ সাপ। সাপডাল দেখি সকলোৱে অনুমান কৰিব পাৰিলে যে এইডাল সচৰাচৰ দেখা পোৱা সাপবোৰৰ প্ৰজাতিৰ নহয়। এইডাল অতি বিষাক্ত প্ৰজাতিৰ সাপ।

সকলোৱে টৰ্চ মাৰি চাবলৈ ধৰিলে সেউজীয়া ৰঙৰ সাপডাল। খবৰ দিয়া হ’ল গাঁওখনৰ প্ৰকৃতিপ্ৰমী যুৱক জীতেন বৰাক। জীতেন বৰা পেছাত কাজিৰঙাৰ জীপ চাফাৰীৰ চালক। লগতে বন্যপ্ৰাণী উদ্ধাৰৰ ক্ষেত্ৰটো প্ৰতিটো মুহূৰ্ততে আগবাঢ়ি আহে জীতেন। খবৰ পোৱা মাত্ৰকে কৈলাখাতৰ ৰণ হাজৰিকাৰ ঘৰত উপস্থিত হ’লহি জীতেন বৰা। জীতেন বৰা উপস্থিত হোৱাৰ পিছতহে পৰিস্কাৰ হ’ল সকলো। জীতেন বৰাই চিনাক্ত কৰিলে সাপ।


এইডাল সাধাৰণ প্ৰজাতিৰ সাপ নহয়। এইডাল অতি বিষাক্ত গ্ৰীন পীট ভাইপাৰ। অসমত নাই এইবিধ সাপৰ বসতি। অন্য নালাগে কাজিৰঙাতো পোৱা নায়ায় এইবিধ বিষাক্ত সাপ। অতি বিষাক্ত হিচাপে পৰিচিত এই সাপবিধ সচৰাচৰ ঘন জংঘল আৰু পাহাৰীয়া এলেকাত দেখা যায়। লগে লগে বিষাক্ত সাপডাল উদ্ধাৰৰ চেষ্টা চলালে জীতেন বৰাই। বহু চেষ্টা কৰাৰ অন্তত জীতেন বৰাই ৰণ হাজৰিকাৰ ঘৰৰ চাঙৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় বিষাক্ত সাপডাল। লগে লগে স্বস্তিৰ নিশ্বাস পেলালে ৰণ হাজৰিকাৰ পৰিয়ালটোৱে।কিন্তু এই বিষাক্ত সাপডাল জনবসতিপূৰ্ণ বোকাখাতৰ কৈলাখাতৰ ৰণ হাজৰিকাৰ ঘৰলৈ আহিল কেনেকৈ? সেই প্ৰশ্ন সকলোৰে মনত। সচৰাচৰ জনাঞ্চলত দেখিবলৈ নোপোৱা এই প্ৰজাতিৰ সাপ কিছুমাহৰ পূৰ্বে কাজিৰঙাৰ হালধিবাৰী অঞ্চলতো প্ৰত্যক্ষ কৰিছিল কিছু লোকে। বিষাক্ত গ্ৰীণ পীট ভাইপাৰ ডাল উদ্ধাৰ কৰিয়েই জীতেন বৰাই ক’লে, ‘এইবিধ সাপ পাহাৰীয়া অঞ্চলৰ ঘন জংঘলৰ মাজত পোৱা যায়। কিছুদিন পূৰ্বে নগাঁও-তেজপুৰ অঞ্চলত দেখিবলৈ পোৱা বিষাক্ত ৰাছেল ভাইপাৰৰ প্ৰজাতিৰে হয় এইডাল গ্ৰীণ পীট ভাইপাৰ। এইবিধ সাপে দংশন কৰিলে মুহূৰ্ততে মৃত্যু হ’ব পাৰে মানুহৰ। মই প্ৰথমবাৰৰ বাবে এই বিষাক্ত সাপবিধ উদ্ধাৰ কৰিছো। এইবিধ সাপৰ বংশবৃদ্ধি কম। গ্ৰীণ পীট ভাইপাৰৰ মতা আৰু মাইকী সাপ ওচৰা-ওচৰিকৈ নাথাকে।’

Post a Comment

Previous Post Next Post