হত্যাৰ পিছত ফ্ৰীজত এইদৰে ৰখা হৈছিল বেংগালুৰুৰ যুৱতীৰ মৃতদেহ


 

বেংগালুৰুৰ এটা ফ্লেটৰ পৰা শনিবাৰে উদ্ধাৰ হৈছিল এগৰাকী যুৱতীৰ টুকুৰা-টুকুৰ মৃতদেহ। হত্যাৰ পিছত ফ্ৰীজত সুমুৱাই ৰখা হৈছিল দেহৰ অংশসমূহ। প্ৰথমে জনা গৈছিল যে যুৱতীগৰাকীৰ মৃতদেহ ৩০ টুকুৰা কৰা হৈছিল। পিছত আৰক্ষীৰ সূত্ৰৰ পৰা জনা যায়, অন্তত ৫০ টুকুৰা কৰা হৈছিল যুৱতীগৰাকীৰ দেহ। মহালক্ষ্মী নামৰ যুৱতীগৰাকীৰ মৃতদেহ কি অৱস্থাত উদ্ধাৰ হৈছিল, সেই তথ্যও ইতিমধ্যে পোহৰলৈ আহিছে।

মহালক্ষ্মীৰ পৰিয়ালৰ লোকে জনাইছে, ঘৰটোৰ মজিয়াত তেজৰ ডোঙাবোৰ শুকাই গৈছিল। কাপোৰ-কানি সঁচৰতি হৈ আছিল। ঘৰটোৰ ভিতৰত ঘূৰি ফুৰিছিল পোক। তেওঁলোকে জনায়, যুৱতীগৰাকীৰ মূৰটো ৰখা হৈছিল ফ্ৰীজৰ একেবাৰে তলৰ ভাগত। ওপৰৰ ভাগত আছিল দুখন ভৰি। শৰীৰৰ বাকী অংশবোৰ ৰখা আছিল মাজৰ ভাগত। বেংগালুৰুৰ আৰক্ষী আয়ুক্ত বি দয়ানন্দই সোমবাৰে জনাইছে, ঘটনাত মূল অভিযুক্তৰ ইতিমধ্যে চিনাক্ত কৰা হৈছে। তেওঁক কৰায়ত্ত কৰাৰ বাবে আৰক্ষীৰ একাধিক দলে তালাচী চলাইছে। কিন্তু কি কাৰণত যুৱতীগৰাকীক হত্যা কৰা হৈছিল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

আৰক্ষী আয়ুক্তই জনাইছে, অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেৰা কৰাৰ পিছতহে এই সমগ্ৰ ঘটনাক লৈ মন্তব্য কৰিব পৰা যাব। তেওঁ কয়, ‘‘অভিযুক্তক আমি চিনাক্ত কৰিছো। এতিয়া কেৱল গ্ৰেপ্তাৰ কৰিবলৈ বাকী। এই অৱস্থাত আমি যদি কোনো তথ্য প্ৰকাশ কৰো, তাৰ ফলত তদন্তত প্ৰক্ৰিয়া প্ৰভাৱিত হোৱাৰ লগতে অভিযুক্তই সুবিধা পোৱাৰ সম্ভাৱনাৰ সৃষ্টি হ’ব পাৰে।’’

আৰক্ষীৰ সূত্ৰে খবৰ, যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰৰ অন্তত ১৫ দিন পূৰ্বেই হত্যা কৰা হৈছিল বুলি অনুমান তদন্তকাৰী দলৰ। তৰুণীগৰাকীৰ মাতৃয়েও জনাইছে, ২ ছেপ্টেম্বৰৰ পিছত তেওঁ কন্যাৰ সৈতে ফোনত যোগাযোগ কৰিব পৰা নাছিল। ফোন বন্ধ আছিল যুৱতীগৰাকীৰ।

বেংগালুৰুৰ ভিয়ালিকাভাল অঞ্চলত এটা কোঠাযুক্ত এটা ফ্লেটত আছিল মহালক্ষ্মী। তেওঁ বিবাহিত আছিল, কিন্তু একেলগে থকা নাছিল। অকলে সেই ফ্লেটটোত আছিল। ঘটনাৰ খবৰ পোৱাৰ পিছতে ফ্লেটটোলৈ গৈছিল মাতৃ, স্বামী আৰু পৰিয়ালৰ লোক। যুৱতীগৰাকীৰ মাতৃয়ে দেওবাৰে জনায়, ঘৰৰ মালিকেই নিশা ফোন তেওঁক ফোন কৰিছিল, জনাইছিল, ঘৰটোৰ পৰা দুৰ্গন্ধ ওলাইছে।

Post a Comment

Previous Post Next Post