৬ বছৰীয়া কণমানিৰ সৈতে দুষ্কৰ্মৰ চেষ্টা যুৱকৰ, ভয়ংকৰ ঘটনাৰ পৰা ৰক্ষা কৰিলে এজাক বান্দৰে



 উত্তৰ প্ৰদেশত ৬ বছৰীয়া শিশুক অপকৰ্ম কৰাৰ চেষ্টাৰ অভিযোগ এজন যুৱকৰ বিৰুদ্ধে। আৰু এই অপকৰ্মৰ চেষ্টাত বাধা দিলে এজাক বান্দৰে! অভিযোগ অনুসৰি, শিশুটিক নিৰিবিলি স্থানলৈ লৈ গৈছিল যুৱকজনে। আৰু তাতেই যুৱকজনৰ পিছ লয় এজাক বান্দৰে। বান্দৰৰ ভয়ত শিশুটিক তাত এৰি পলায়ন কৰিবলৈ বাধ্য হয় যুৱকজন। পিছত ঘৰলৈ গৈ সমগ্ৰ ঘটনা বিৱৰি কয় শিশুটিয়ে। শিশুটিৰ কথাৰ ভিত্তিতে থানাত লিখিত অভিযোগ দাখিল কৰে পৰিয়ালৰ লোকে। গোচৰ ৰুজু হৈছে যদিও এইপৰ্যন্ত যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে।


ঘটনাটো উত্তৰ প্ৰদেশৰ বাগপত জিলাৰ দৌলা গাঁৱৰ। ভুক্তভোগী শিশুটিয়ে ঘৰলৈ গৈ পিতৃ-মাতৃক জনায়, বান্দৰৰ জাকে তেওঁক ৰক্ষা কৰিছে। অভিযোগ অনুসৰি, যুৱকজনে শিশুটিক নিৰিবিলি স্থানলৈ নি কাপোৰ খুলি পেলাইছিল। ভাবুকিও দিয়া হৈছিল। সেই সময়তে ঘটনাস্থলীত উপস্থিত হয় বান্দৰৰ জাকটো।

আৰক্ষীৰ সূত্ৰ অনুসৰি, বিগত ২০ ছেপ্টেম্বৰত নিজৰ ঘৰৰ সন্মুখতে খেলি আছিল শিশুটি। অভিযুক্ত যুৱকজন ওচৰৰ গাঁৱৰ বাসিন্দা। ৰাস্তাৰে যোৱাৰ সময়তে তেওঁ শিশুটিক খেলি থকা দেখি মাতি নিয়ে। প্ৰথমে এটা ধৰ্মীয় স্থানৰ কাষৰ ৰাস্তাৰে লৈ যোৱা হৈছিল শিশুটিক। তাৰ পৰা লৈ যোৱা হয় এটা পৰিত্যক্ত ঘৰলৈ। সেই সময়ত আশে-পাশে কোনো নাছিল। তাতেই শিশুটিৰ সৈতে অপকৰ্ম কৰাৰ চেষ্টা চলায় অভিযুক্তই।

শিশুটিয়ে জনাইছে, তেওঁৰ পোছাক খুলি দিয়া হৈছিল। এই ঘটনাৰ কথা ঘৰত কাকো নক’বলৈ ভাবুকিও দিছিল অভিযুক্তই। শিশুটিক লৈ পৰিত্যক্ত ঘৰটোত সোমোৱা দেখা গৈছে অঞ্চলটোৰ চিচিটিভি কেমেৰাৰ ফুটেজত। তাৰ ভিত্তিত যুৱকজনক চিনাক্ত কৰিছে আৰক্ষীয়ে। কিন্তু আশ্চৰ্যজনকভাৱে শিশুটিক আক্ৰমণ নকৰিলে বান্দৰৰ জাকটোৱে। ইয়াৰ পিছত সেই স্থানৰ পৰা নিজেই কোনোমতে ঘৰলৈ উভতি আহে শিশুটি। যুৱকজনৰ বিৰুদ্ধে পকছো আইনৰ অধীনত একাধিক ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

Post a Comment

Previous Post Next Post