‘ৰামৰ পাদুকা ৰাখি শাসন কৰিছিল ভৰতে, ময়ো সেয়াই কৰিম’


 

ৰামায়ণৰ কাহিনী অনুসি, ৰামৰ পাদুকা সিংহাসনত ৰাখি দেশ শাসন কৰিছিল ভাতৃ ভৰতে। দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে আজি কাম-কাজ আৰম্ভ কৰাৰ দিনা সেই কাহিনী স্মৰণ কৰিলে আপ নেত্ৰী আতিশীয়ে। আতিশীয়ে কয়, ভৰতৰ দৰে তেওঁ অৰবিন্দ কেজৰিৱালৰ নামত আগন্তুক চাৰি মাহ ৰাজধানী দিল্লীৰ দায়িত্ব চম্ভালিব। কেজৰিৱালৰ চকীখন তেওঁ খালী কৰি ৰাখিছে। তাৰ কাষতে আন এখন চকীত বহিছে। সোমবাৰৰ পৰা মুখ্যমন্ত্ৰী হিচাপে কাম কৰিছে আতিশীয়ে।

দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পিছত সোমবাৰে সংবাদ মাধ্যমক আতিশীয়ে জনায়, তেওঁ তেওঁৰ অৱস্থাৰ সৈতে ৰামায়ণৰ ভৰতৰ অৱস্থাৰ মিল বিচাৰি পাইছে। ৰামৰ অনুপস্থিতিত যিদৰে ভৰতে তেওঁৰ হৈ শাসনভাৰ পৰিচালনা কৰিছিল, তেনেকৈ আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ অনুপস্থিতিত তেওঁৰ হৈ দিল্লীৰ কাম-কাজ চলাব আতিশীয়ে। তেওঁ কয়, ‘‘ভৰতে যি ভাৰ গ্ৰহণ কৰিছিল, ময়ো সেয়াই কৰিছো। তেওঁ ৰামৰ পাদুকা সিংহাসনত ৰাখিছিল। আগন্তুক চাৰি মাহ দিল্লীৰ কাম পৰিচালনা কৰাৰ ক্ষেত্ৰত মোৰ নীতিও সেয়াই হ’ব।

আগন্তুক বৰ্ষৰ আৰম্ভণিতে দিল্লীত বিধানসভা নিৰ্বাচন হ’ব। আতিশীয়ে জনাইছে, চাৰি মাহ পিছত ৰাজধানীৰ মানুহে ভোট দি কেজৰিৱালক তেওঁৰ চকীলৈ ওভতাই আনিব বুলি তেওঁ বিশ্বাস কৰে। সেই বিশ্বাসতে চাৰি মাহ তেওঁ কাম কৰিব। দিল্লীৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত কেজৰিৱালৰ চকী খালী কৰি ৰখা প্ৰসংগত আতিশীয়ে কয়, ‘‘এই চকীখন কেজৰিৱালৰ। আগন্তুক ফেব্ৰুৱাৰী মাহৰ নিৰ্বাচনত দিল্লীৰ জনতাই তেওঁক পুনৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিব, মই জানো। তেতিয়ালৈ এই চকীখন অপেক্ষাত থাকিব।’’


দিল্লীৰ আবকাৰী দুৰ্নীতিৰ গোচৰত নাম সাঙোৰ খাইছিল অৰবিন্দ কেজৰিৱালৰ। তেওঁক গ্ৰেপ্তাৰ কৰিছিল ইডিয়ে। পিছত সেই গোচৰতে চিবিআয়েও কেজৰিৱালক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পূৰ্বে তেওঁ পদত্যাগ কৰা নাছিল। মুখ্যমন্ত্ৰী হিচাপেই জে’লত আছিল। সম্প্ৰতি ইডি আৰু চিবিআইৰ গোচৰত জামিন পাই তিহাৰ জে’লৰ পৰা ওলাইছে কেজৰিৱাল। কিন্তু কাৰামুক্ত হোৱাৰ পিছতে তেওঁ জনায়, দিল্লীৰ মুখ্যমন্ত্ৰী পদ এৰিব বিচাৰে তেওঁ। জনতাই তেওঁক পুনৰ নিৰ্বাচিত কৰিলে তেওঁ পুনৰ সেই পদলৈ উভতিব। ইয়াৰ পিছত আপৰ ফালৰ পৰা সিদ্ধান্ত লোৱা হয় যে আতিশী হ’ব দিল্লী মুখ্যমন্ত্ৰী। শনিবাৰে আতিশীয়ে শপতগ্ৰহণ কৰে। শীলা দীক্ষিত আৰু সুষমা স্বৰাজৰ পিছত দিল্লীৰ তৃতীয়গৰাকী মুখ্যমন্ত্ৰী তেওঁ। তেওঁৰ সৈতে মন্ত্ৰীসভাৰ আৰু পাঁচজন সদস্যয়ো শপত লৈছে। সোমবাৰৰ পৰা কাম-কাজ আৰম্ভ কৰে মুখ্যমন্ত্ৰী আতিশীয়ে।

Post a Comment

Previous Post Next Post