ভংগ হ’ল অসমৰ গৰমৰ সৰ্বকালৰ অভিলেখ। গ্ৰীষ্ম নহয়, শাৰদীয় কালত গৰমে ৰচিলে অভিলেখ। কেৱল অসমে নহয় উত্তৰ পূৰ্বাঞ্চলৰ শীতল চহৰ শ্বিলঙতো গৰমৰ ত্ৰাস।
ছেপ্টেম্বৰ মাহৰ অভূতপূৰ্ব গৰমে জীউ কাঢ়ি নিও কৰিছে। দেওবাৰটোৱে সৰ্বাধিক গৰমৰ দিন হ’ব বুলি বিবেচনা কৰা হৈছিল যদিও সোমবাৰে ৰাজ্যৰ ঠায়ে ঠায়ে অভিলেখ ৰচিলে গৰম। ম’বাইল স্ক্ৰীণত বিভিন্ন সংস্থাই দেখুৱা গৰমৰ মাত্ৰাই হতবাক কৰি তোলাই নহয়, ভাঙিলে সৰ্বকালৰ অভিলেখ।
সোমবাৰৰ দিনটোত ডুমডুমাত দেখা গ’ল ৪৩ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা। শুকুৰবাৰে সমগ্ৰ ৰাজ্যৰ ভিতৰত ডিব্ৰুগড়ত দেখা গৈছিল সৰ্বাধিক প্ৰায় ৩৯ ডিগ্ৰীৰ তাপমান। কিন্তু সোমবাৰে ডুমডুমাৰ ৪৩ ডিগ্ৰী উত্তাপে যেন সকলো অভিলেখ ওফৰাই পেলালে।
সোমবাৰৰ দিনটোত অসমৰ আন বিভিন্ন স্থানত তাপমাত্ৰাই ৪০ ডিগ্ৰী অতিক্ৰম কৰিলে। গুৱাহাটীত সৰ্বাধিক তাপমাত্ৰা আছিল প্ৰায় ৩৯ ডিগ্ৰী। গুৱাহাটী বিমানবন্দৰত সোমবাৰে ৩৯.৩ ডিগ্ৰী মাপ সংগৃহীত কৰা হ’ল, যিটো আছিল ছেপ্টেম্বৰ মাহৰ সৰ্বকালৰ তাপমাত্ৰাৰ অভিলেখ।
আনকি পাহাৰীয়া ভূমি বৰাকতো উত্তাপে চুলে ৪০ৰ ঘৰ। অৱশ্যে বতৰ বিজ্ঞান বিভাগে আনুষ্ঠানিকভাৱে সোমবাৰৰ দিনটোৰ তাপমাত্ৰা ইতিহাসৰ সৰ্বোচ্চ বুলি ঘোষণা কৰা নাই। কিন্তু প্ৰখৰ ৰদত জিলাই জিলাই আন বহু লোকে থাৰ্ম’মিটাৰ পৰীক্ষণ কৰিও পাৰাস্তম্ভ ৪০ ডিগ্ৰীৰ ওপৰত লাভ কৰিলে।
উল্লেখযোগ্য যে অসমৰ ইতিহাসত ১৯৬০ চনৰ ১ মে’ত সৰ্বাধিক তাপমান সংগৃহীত হৈছিল গুৱাহাটীৰ ৪০.১ ডিগ্ৰী চেলছিয়াছ। কিন্তু চলিত বৰ্ষৰ গ্ৰীষ্মত বিগত ২৬ মে’ত এই অভিলেখ অতিক্ৰম কৰি গুৱাহাটীয়ে ৪০.৮ ডিগ্ৰী স্পৰ্শ কৰিছিল। একেটা বৰ্ষতে দ্বিতীয়বাৰ, তাকো ছেপ্টেম্বৰ মাহত ৪০ ডিগ্ৰীৰ ঘৰ অতিক্ৰম কৰি বতৰে দৈনন্দিন জীৱনলৈ কঢ়িয়াই আনিলে চৰম দুৰ্বিসহ সময়।
ইফালে কেৱল গুৱাহাটীতে নহয়, শীতল চহৰ হিচাপে নাম থকা শ্বিলঙতো একেই অৱস্থা। ছেপ্টেম্বৰ মাহত শ্বিলং ফুৰিবলৈ গৈ মানুহে ছুৱেটাৰ জেকেট লৈ যায়, কিন্তু চলিত সপ্তাহত গৰম ইমানেই প্ৰচণ্ড যে মানুহে সাধাৰণ চোলা এটাকো পিন্ধিবলৈ কষ্ট পোৱা হৈছে। শ্বিলঙত ১৯৭৩ চনৰ এপ্ৰিল মাহত ৩০.২ ডিগ্ৰী চেলছিয়াছেই সৰ্বোচ্চ আছিল। দেওবাৰে শ্বিলঙত দ্বিতীয় সৰ্বাধিক তাপমাত্ৰাৰ অভিলেখ ৰচি উত্তাপৰ তাপমাত্ৰা ২৯.৯ ডিগ্ৰী চেলছিয়াছ। এই তাপমান আছিল শ্বিলঙৰ ছেপ্টেম্বৰ মাহৰ সৰ্বোচ্চ তাপমান। আনহাতে শ্বিলঙৰ সমীপৱৰ্তী উমিয়ামত দেখা গ’ল ৩৪.৪ ডিগ্ৰী চেলছিয়াছ তাপমান।