সমাগত শাৰদীয় দুৰ্গাপূজা। প্ৰতিৱেশী ৰাষ্ট্ৰ বাংলাদেশতো দুৰ্গা পূজাৰ প্ৰস্তুতি তুংগত উঠিছে। অহা ৯ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ ধুমধামেৰে উদযাপন কৰা হ’ব দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ পূজা। দুৰ্গা পূজাৰ বাবে বাংলাদেশৰ ৰাজধানী ঢাকাকে ধৰি দেশখনৰ প্ৰান্তে প্ৰান্তে আটকধুনীয়াকৈ মণ্ডপ নিৰ্মাণৰ কাম চলি আছে। দেৱী দুৰ্গা প্ৰতিমা নিৰ্মাণৰ উপৰিও মঞ্চ সজ্জাত মৃৎশিল্পী আৰু আয়োজকসকলে ব্যস্ত হৈ পৰিছে। দুৰ্গতিনাশিনী দেৱী মা দুৰ্গাক আৰাধনাৰ বাবে আধ্যাত্মিকতাৰ মাজতে জাক-জমকতাৰে সাজু কৰি তোলা হৈছে পূজাৰ মণ্ডপ৷
এইবাৰ বাংলাদেশৰ ৩২ হাজাৰ ৬৬৬টা মণ্ডপত আয়োজন কৰা হ’ব দুৰ্গা পূজা। কেৱল ঢাকা চহৰতে ২০৫ ভাগ দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে। দুৰ্গা পূজাৰ সময়ছোৱাত দেশখনত যাতে কোনোধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত নহয় তাৰ বাবে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। দুৰ্গা পূজাৰ কেইদিন হেলিকপ্টাৰেৰে আকাশমাৰ্গৰ পৰাও নিৰাপত্তা দিব বাংলাদেশৰ সেনাই। সমগ্ৰ দেশখনতে সামগ্ৰিকভাৱে আইন-শৃংখলা কঠোৰ কৰা হ’ব। ইফালে দুৰ্গা পূজাৰ সময়ত দুৰ্গা পূজা কমিটীয়ে বিচাৰিলে স্বেচ্ছাসেৱক হিচাপে কাম কৰিবলৈ মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীসকল ইছ্যুক বুলি জনালে বাংলাদেশৰ ধৰ্মীয় বিষয়ৰ উপদেষ্টা এ এফ এম খালিদ হুছেইনে। লগতে দুৰ্গা পূজাৰ বাবে বাংলাদেশত সকলো নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি আৰক্ষী মহাপৰিদৰ্শক মইনুল ইছলামে জানিবলৈ দিয়ে।
পূজাস্থলীত নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে বাংলাদেশৰ আৰক্ষী হাই এলাৰ্টত থাকিব। পূজাৰ পূৰ্বে, পূজা উদযাপন, পূজাৰ পিছৰ প্ৰতিমা বিসৰ্জনলৈকে তিনিস্তৰীয় নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে আৰক্ষীয়ে। ইয়াৰ মাজতে পূজাস্থলীত নিৰাপত্তাৰক্ষী অভিযান আৰম্ভ কৰা হৈছে বুলি বাংলাদেশৰ আই জি পিয়ে জানিবলৈ দিয়ে। দুৰ্গা পূজাৰ সময়ত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা ৰোধৰ বাবে সষ্টম হৈ আছে বাংলাদেশ আৰক্ষী। ছ’চিয়েল মিডিয়াৰ জৰিয়তে উৰাবাতৰি প্ৰচাৰ ৰোধ কৰিবলৈ চাইবাৰ নিৰীক্ষণ শক্তিশালী কৰা হৈছে।
তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে হিন্দুৰ ওপৰত নিৰ্যাতন আৰু মুছলমান দুবৃৰ্ত্তই মঠ-মন্দিৰ ভঙাৰ খবৰে সংবাদ শিৰোনাম দখল কৰি অহাৰ সময়ত বাংলাদেশত প্ৰতিবছৰে দুৰ্গা পূজাৰ সংখ্যা বৃদ্ধি পাইহে আহিছে৷ বিগত বৰ্ষৰ তুলনাত এইবাৰ চুবুৰীয়া ৰাষ্ট্ৰখনত ২৩৫খন পূজা বৃদ্ধি পাইছে৷ অৰ্থাৎ ২০২৩ চনত বাংলাদেশত সৰ্বমুঠ ৩২ হাজাৰ ৪২৮খন পূজা অনুষ্ঠিত হৈছিল৷
উল্লেখ্য, বাংলাদেশত হিন্দুৰ মঠ-মন্দিৰৰ ওপৰত প্ৰায়ে দুৰ্বৃত্তৰ আক্ৰমণ চলিলেও সনাতন ধৰ্মাৱলম্বী সংখ্যালঘু লোকৰ দুৰ্গা পূজাক বাংলাদেশ চৰকাৰে জাতীয় উৎসৱ হিচাপে পালন কৰি আহিছে৷ বিশেষকৈ বৰ্তমানৰ বাংলাদেশৰ ৰাজনৈতিক পৰিস্থিতি অধিক জটিল হৈ থকাৰ প্ৰতি লক্ষ্য ৰাখি অধিক কটকটীয়া কৰা হৈছে নিৰাপত্তাৰ দিশটো। ছাত্ৰ বিক্ষোভৰ পিছত স্বাভাৱিক পৰিস্থিতিলৈ ঘূৰি অহা বাংলাদেশৰ তুংগত দুৰ্গা পূজাৰ প্ৰস্তুতি। ৰাষ্ট্ৰখনৰ গৃহমন্ত্ৰীয়ে পূজাৰ সময়ছোৱাত যাতে কোনো আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি নহয়, তাক নিশ্চিত কৰিবলৈও নিৰাপত্তা বাহিনীক কঠোৰ নিৰ্দেশ দিছে৷