Guwahati News: মহানগৰীৰ শান্তিপুৰৰ হিট এণ্ড ৰাণ ঘটনাৰ নতুন মোৰ! ঘটনাৰ আঁৰত পৰকীয়া প্ৰেম!


 

গুৱাহাটীৰ শান্তিপুৰত সংঘটিত এটা হিট এণ্ড ৰাণৰ ঘটনাই পুৱাই সৃষ্টি কৰিলে চাঞ্চল্যৰ। মহানগৰীৰ ভৰলুৰ হিট এণ্ড ৰাণ ঘটনাৰ নতুন পাক। পাচলি বেপাৰী তহিবুদ্দিন আহমেদক পৰিকল্পতিভাৱে হত্যা কৰাৰ সন্দেহ। তহিবুদ্দিনৰ প্ৰথমা পত্নীয়ে উত্থাপন কৰিছে এই চাঞ্চল্যকৰ অভিযোগ। বৃহস্পতিবাৰে নিশা ভৰলুমুখৰ শ্লুইছ গেটত সংঘটিত হৈছিল ভয়ংকৰ হিট এণ্ড ৰাণৰ ঘটনা। এখন চৰকাৰী বিভাগৰ টেগ লগোৱা বলেৰ’ বাহনে প্ৰায় ৪০০ মিটাৰ মহটিয়াই নিছিল পাচলি বেপাৰী তহিবুদ্দিনক। শান্তিপুৰৰ পৰা প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ সমীপলৈ চাৰিচকীয়া বাহনখনেৰে চোঁচৰাই নিছিল তহিবুদ্দিনক।

ইফালে দুগৰাকী পত্নী থকাৰ পিছতো গুৱাহাটীত অন্য এগৰাকীৰ সৈতে তহিবুদ্দিনৰ পৰকীয়া প্ৰেম থকাৰ অভিযোগ প্ৰথমা পত্নীৰ। তহিবুদ্দিনৰ প্ৰথমা পত্নী গুৱাহাটীৰ শান্তিপুৰত থকাৰ বিপৰীতে দ্বিতীয়গৰাকী পত্নী থাকে মঙলদৈত। পৰকীয়া প্ৰেম থকা মহিলাগৰাকীৰ পৰা ২ লাখ টকা ধাৰলৈও লৈছিল তহিবুদ্দিনে। ধাৰলৈ লোৱা ধন ওভতাই নিদিলে তহিবুদ্দিনক হত্যা কৰাৰ ভাবুকি দিয়াৰো অভিযোগ। এই বিস্ফোৰক অভিযোগ তহিৰুদ্দিনৰ প্ৰথমা পত্নীৰ।

কিন্তু এই অভিযোগ কিমান সত্য? হিট এণ্ড ৰাণৰ ঘটনাৰ আঁৰত কেৱল পৰকীয়া প্ৰেমেই নে? নে ঘটনাৰ আঁৰত আছে আৰু ৰহস্য? উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত কৰিয়েই চৰকাৰী ষ্টিকাৰ লগোৱা বাহনসহ চালকে পলায়ন কৰিছিল। এতিয়া প্ৰশ্ন হয় কোনটো চৰকাৰী বিভাগৰ আছিল বাহনখন? ভৰলুমুখ আৰক্ষীৰ সন্মুখত এতিয়া চেলেঞ্জ। ঘটনাৰ তদন্ত আগবঢ়াই কেনেকৈ চিনাক্ত কৰিব দুৰ্ঘটনা সংঘটিত কৰা বাহন আৰু চালকজনক?

Post a Comment

Previous Post Next Post