Shiladitya Dev : ‘বাংলাদেশী মুছলমান খেদিব পাৰিলেহে উজনি অসম বাচিব’


 

উজনি অসমত দল-সংগঠনে আৰম্ভ কৰা অভিযানক পূৰ্ণ সমৰ্থন শিলাদিত্য দেৱৰ। হোজাইত শিলাদিত্য দেৱে কয় যে সংগঠনকেইটাই বাংলাদেশী মুছলিম খেদিব পাৰিলেহে উজনি অসম বাচিব। উজনিত বাংলাদেশী মুছলিমসকলে ৰাজনৈতিক আগ্ৰাসন আৰম্ভ কৰিছে বুলিও মন্তব্য শিলাদিত্য দেৱৰ।

উজনিত জালি কাগজেৰে বাংলাদেশী মুছলিমসকলে NRCত অন্তৰ্ভুক্ত হৈছে বুলিও কয় প্ৰাক্তন বিধায়কজনে। তেওঁ কয়, নামনি, মধ্য আৰু বৰাক ভেলী ধ্বংস হৈ গল বাংলাদেশী মুছলমানৰ বাবে। মুছলিমসকলে অপৰাধ কৰা লোকক বচাব বিচাৰে। বচোৱা নিয়ম বন্ধ কৰিলে তেওঁলোকৰ সমাজ ব্যৱস্থা ভাল হ’ব।

শিলাদিত্য দেৱে কয়, অপৰাধীৰ ধৰ্ম নাথাকে গতিকে অপৰাধীক শাস্তি দিব লাগে, সেয়া যি ধৰ্মৰে হওঁক। অপৰাধ নিয়ন্ত্ৰণৰ বাবে বিৰোধীক আগবাঢ়ি আহিবলৈ আহ্বান জনায় তেওঁ। অভিযুক্তৰ পৰিয়ালক শান্তনা দিবলৈ গৌৰৱ গগৈ ওলাই অহাটো আচৰিত হৈছোঁ বুলিও মন্তব্য কৰে শিলাদিত্য দেৱে। গৌৰৱ গগৈয়ে বাংলাদেশী মুছলমানৰ পিঠি বেছি থপিয়াই থাকিলে অসমীয়াই বৰ্জন কৰিব বুলি কয় প্ৰাক্তন বিধায়কজনে।

Post a Comment

Previous Post Next Post