Bongaigaon News: বঙাইগাঁৱত নিশা পিষ্টলধাৰী যুৱকৰ তাণ্ডৱ! বঙাইগাঁৱৰ অ’ল্ড কলনীত পিষ্টলধাৰী যুৱকে ফুটালে গুলী


 

বঙাইগাঁৱত শনিবাৰে নিশা পিষ্টলধাৰী যুৱকৰ এটা দলে তাণ্ডৱ চলায়। উত্তৰ বঙাইগাঁৱৰ অল্ড ক’লনীত পিষ্টলধাৰী যুৱকে ফুটালে গুলী। খবৰ অনুসৰি, পিষ্টলধাৰী ৬ জনীয়া যুৱকৰ দলটোৰ অল্ড কলনীত এজন যুৱকৰ সৈতে কাজিয়াৰ সুত্ৰপাত ঘটে। প্ৰথমে তৰ্কাতৰ্কি আৰু তাৰ পিছত মাৰপিট হয়। ইমানতে ক্ষান্ত নাথাকি পিষ্টলেৰে শূন্য গুলীচালনা কৰে পিষ্টলধাৰী যুৱকৰ দলটোৱে। মাৰপিট কৰি পলায়ন কৰিবলৈ চেষ্টা কৰোতেই সংঘটিত হয় দুৰ্ঘটনা।


ঘটনাস্থলীত বঙাইগাঁও আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে ঘটনাৰ তদন্ত। দুৰ্ঘটনাগ্ৰস্থ বাহনৰ পৰা আৰক্ষীয়ে জব্দ কৰে এটা পিষ্টল আৰু লগতে সজীৱ ৩ জাঁই গুলী। ৬ জনীয়া দুৰ্বৃত্তৰ দলে ব্যৱহাৰ কৰা AS26F0001 নম্বৰৰ স্কৰ’পিঅ’ বাহন এখন জব্দ কৰে আৰক্ষীয়ে। ঘটনাৰ লগত জড়িত এজন যুৱক আটক কৰে আৰক্ষীয়ে। যুৱকজনৰ নামৰ প্ৰসেনজিৎ বেনাৰ্জী বুলি জানিব পৰা গৈছে। ৰণী দাস নামৰ এজন যুৱকৰ নামত আছিল অপৰাধকৰ্মত ব্যৱহাৰ কৰা বাহনখন। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা পিষ্টলৰ লগতে দুটা লেপটপকে ধৰি বিভিন্ন আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে।

Post a Comment

Previous Post Next Post