বিজেপিত যোগদান কৰিব ঝৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই সোৰেণে। স্থিৰ হৈছে যোগদানৰ দিনো। শুকুৰবাৰে (৩০ আগষ্ট) ৰাঁচীত আনুষ্ঠানিকভাৱে গেৰুৱা শিবিৰত যোগদান কৰিব তেওঁ। সোমবাৰে নিশা এই দাবী কৰিলে হিমন্ত বিশ্ব শৰ্মাই। সংবাদ প্ৰতিষ্ঠান এএনআয়ে সোমবাৰে নিশা এটা ভিডিঅ’ প্ৰকাশ কৰিছে। তাত দেখা গৈছে হিমন্ত বিশ্ব শৰ্মা আৰু চম্পাই সোৰেণে এখন গাড়ীতে বহি আছে। দাবী কৰা হৈছে যে সেয়া অমিত শ্বাহৰ বাসভৱনৰ পৰা ওলাই অহাৰ সময়ৰ ভিডিঅ’।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বৰ্তমান ঝাৰখণ্ডত বিজেপিৰ নিৰ্বাচনী কমিটীৰ দায়িত্বতো আছে। সামাজিক মাধ্যমত সোমবাৰে নিশা এখন ফটো পোষ্ট কৰে হিমন্ত বিশ্ব শৰ্মাই। ফটোত অমিত শ্বাহৰ সৈতে এক বৈঠকত দেখা গৈছে চম্পাইক। উপস্থিত আছে হিমন্ত বিশ্ব শৰ্মাও। ফটোখন পোষ্ট কৰি হিমন্ত বিশ্ব শৰ্মাই লিখিছে, ‘‘কিছু সময় পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে সাক্ষাৎ কৰিছে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আদিবাসী নেতা চম্পাই সোৰেণে। ৩০ আগষ্টত ৰাঁচীত তেওঁ আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব।’’
হেমন্ত সোৰেণ ইডিৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পিছত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰিছিল প্ৰবীণ জেএমএম নেতা চম্পাইয়ে। প্ৰায় পাঁচ মাহ জে’লত আছিল হেমন্ত। তাৰ পিছত ঝাৰখণ্ড হাইক’ৰ্টৰ নিৰ্দেশত জে’লৰ পৰা মুক্ত হয়। জে’লৰ পৰা ওলাই অহাৰ পিছত পুনৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয় তেওঁ। মুখ্যমন্ত্ৰিত্ব এৰিবলগীয়া হয় চম্পাইয়ে। তাৰ পিছৰে পৰা বিভিন্ন সময়ত অভিমানৰ সুৰ শুনা গৈছিল প্ৰবীণ জেএমএম নেতাগৰাকীৰ মুখত। নিজেই সামাজিক মাধ্যমত লিখিছিল সম্ভাৱ্য তিনিটা দিশৰ বিষয়ে - প্ৰথম, ৰাজনীতিৰ পৰা অৱসৰ। দ্বিতীয়, নিজৰ সংগঠন গঠন। তৃতীয়, নতুন সংগী বিচৰা।
চম্পাইৰ ৰাজনৈতিক দিশ কি হ’ব, তাক লৈ বিগত কিছুদিন ধৰি চৰ্চা চলিছে। কাগজে-কলমে তেওঁ এতিয়াও ঝাৰখণ্ডৰ মন্ত্ৰী আৰু জেএমএম বিধায়ক। ইয়াৰ মাজতে কিছুদিন পূৰ্বে দিল্লীলৈ গৈছিল চম্পাই। লগত আছিল ঝাৰখণ্ড মুক্তি মৰ্চাৰ আন ৬ বিধায়ক। চম্পাইয়ে অৱশ্যে দাবী কৰিছিল, ‘ব্যক্তিগত’ কাৰণতে তেওঁ দিল্লীলৈ গৈছিল। কিন্তু সূত্ৰৰ খবৰ, দিল্লী যাত্ৰাত বিজেপি নেতৃত্বৰ সৈতে সাক্ষাৎ কৰিছিল তেওঁ।