Sheikh Hasina : বাংলাদেশৰ ৰাজনীতিলৈ প্ৰত্যাৱৰ্তন নকৰে শ্বেখ হাছিনাই, দেশখনৰ পৰিস্থিতিয়ে হতাশ কৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক!


 

সোমবাৰে শ্বেখ হাছিনাই বাংলাদেশৰ প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰি নিৰাপত্তাজনিত কাৰণত দেশত্যাগ কৰে। সম্প্ৰতি ভাৰতৰ আশ্ৰয়ত আছে হাছিনা। সম্ভৱতঃ অচিৰেই লণ্ডনলৈ উৰা মাৰিব শ্বেখ হাছিনাই। কিন্তু, পুনৰ বাংলাদেশৰ ৰাজনীতিলৈ প্ৰত্যাৱৰ্তন কৰিবনে শ্বেখ হাছিনাই? সংকটকালীন সময়ত দেশ ত্যাগ কৰা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে পুনৰ উভতি যাবনে দেশখনলৈ?

এই সন্দৰ্ভত মুখ খুলিছে হাছিনাৰ পুত্ৰ সজীব ৱাজেদে। সজীব ৱাজেদৰ ভাষ্য অনুসৰি তেওঁৰ মাতৃয়ে ৰাজনৈতিক ক্ষেত্ৰৰ পৰা অৱসৰ লোৱাৰ কথাই আছিল। সজীব ৱাজেদে লগতে কয়, ‘‘বাংলাদেশৰ পৰিস্থিতিত হাছিনা যথেষ্ট হতাশ হৈছিল। এতিয়া তেওঁ পুনৰ বাংলাদেশলৈ ঘূৰি যাবলৈ নিবিচাৰে। ”

ৱাজেদ জয়ে ‘CNN-NEWS18’ক কয় যে মোৰ মাতৃয়ে দেওবাৰৰ পৰা প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰাৰ কথা ভাবি আছিল। আৰু সেয়া সোমবাৰে ঘোষণা কৰাৰ কথা আছিল। কিন্তু প্ৰতিবাদকাৰীসকলৰ বাবে তেওঁ সময় নাপালে। প্ৰতিবাদকাৰীসকলক প্ৰতিৰোধ কৰিবলৈ বল প্ৰয়োগ কৰাৰ সিদ্ধান্তৰ সপক্ষে জয়ে কয়, ‘‘প্ৰতিবাদকাৰীয়ে ১৩ জন আৰক্ষীক প্ৰহাৰ কৰিছিল। যেতিয়া জনতাই তেওঁলোকক মাৰপিট কৰে, সেইসময়ত তেন্তে কি কৰা উচিত?’’

বাংলাদেশৰ ৰাষ্ট্ৰখনলৈ শ্বেখ হাছিনাৰ অৱদানৰ কথা সুঁৱৰি ৱাজেদে কয়, ‘‘হাছিনাই বাংলাদেশৰ চেহেৰাই সলনি কৰি দিছিল। যেতিয়া তেওঁ ক্ষমতালৈ আহিছিল, বাংলাদেশৰ পৰিস্থিতি একেবাৰে ভাল নাছিল। এইখন এখন দৰিদ্ৰ দেশ আছিল। বৰ্তমান বাংলাদেশ এছিয়াৰ প্ৰগতিশীল দেশসমূহৰ ভিতৰত অন্যতম।’’

অৱশ্যে, জয়ে এয়াও স্পষ্ট কৰি দিয়ে যে সেনাৰ পৰা তেওঁৰ মাতৃৰ ওপৰত কোনো চাপ নাছিল। এনে পৰিস্থিতিত হাছিনাৰ কাষত থিয় দিয়াৰ বাবে ভাৰত চৰকাৰকো ধন্যবাদ জনাই সজীব ৱাজেদে।

Post a Comment

Previous Post Next Post