গুৱাহাটীৰ বানক লৈ আজৱ মন্তব্য নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহলৰ। বানৰ বাবে মহানগৰীৰ হাহাকাৰৰ মাজতে মন্ত্ৰী অশোক সিংহলে দিলে অদ্ভুত মন্তব্য। মন্ত্ৰী অশোক সিংহলৰ মতে মেঘালয়ৰ বাবেহে মহানগৰীত হৈছে কৃত্ৰিম বান। ইমানেই নহয়, মহানগৰীত হোৱা পানীৰ ৰঙো চিনি পাইছে অশোক সিংহলে। মন্ত্ৰী অশোক সিংহলে কয়, মহানগৰীৰ পানী ক’লা, মেঘালয়ৰ পৰা অহা পানী ৰঙা। মেঘালয়ৰ পানীৰ ফলতহে মহানগৰীত সৃষ্টি হৈছে কৃত্ৰিম বান।
গুৱাহাটী মহানগৰীৰ নলা-নৰ্দমাৰ বহন ক্ষমতা সীমিত বুলি অকপট স্বীকাৰোক্তি মন্ত্ৰী অশোক সিংহলৰ। তেওঁ কয়, ডেৰ ঘণ্টা ১৩৬ এমএম বৰষুণৰ ফলত হোৱা পানী বহন কৰিবলৈ অক্ষম মহানগৰীৰ নলা-নৰ্দমাসমূহ।
মন্ত্ৰী সিংহলৰ আন এক গুৰুতৰ অভিযোগ, ইউ এছ টি এম, ডি পি এছ নিৰ্মাণৰ সময়ত পাহাৰ কটাৰ বাবেই এনে অৱস্থা হৈছে। মেঘালয়ৰ পানী ৰাষ্ট্ৰীয় ঘাইপথ বাগৰি ছায়েন্স মিউজিয়াম আৰু আই এছ কলনীও বুৰায় পেলায়।