iPhone News : বিপদাশংকাত এপল ব্যৱহাৰকাৰী! কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিলে গুৰুতৰ সতৰ্কবাণী, কিন্তু কিয়?


 

আইফোনৰ প্ৰতি আছে নেকি আপোনাৰ সহজাত দুৰ্বলতা? আইফোনৰ (iPhone) অত্যাধুনিক সুবিধা আৰু উন্নত প্ৰযুক্তিয়ে সদায়েই আকৰ্ষণ কৰি আহিছে গ্ৰাহকক। কিন্তু যদি আপুনি এজন আইফোন ব্যৱহাৰকাৰী, তেন্তে আপোনাৰ বাবে আছে এটা জৰুৰী খবৰ। বৰ্ধিত চাইবাৰ অপৰাধ নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে (Govt of India) গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। Indian Computer Emergency Response Team (CERT-In)এ শেহতীয়াকৈ একাধিক দুৰ্বলতা চিনাক্ত কৰিছে, যিসমূহ দুৰ্বলতাই আইফোন, আইপেড আৰু অন্যান্য এপল সামগ্ৰীত গোপনীয় ডাটা স্পুফিং বা আনকি লিকেজ কৰাৰো অনুমতি দিব পাৰে। CERT-Inএ শুকুৰবাৰে এক সতৰ্কবাণীত নিৰাপত্তাৰ দুৰ্বলতাৰ কথা উল্লেখ কৰে।


এপল ব্যৱহাৰকাৰীসকলক সতৰ্ক কৰি দিওঁতে কোৱা হৈছে যে ব্যৱহাৰকাৰীসকল এইবাবেই সতৰ্ক হ’ব লাগে, কিয়নো Spam Calls, মেছেজ বা ফোন স্পুফিঙৰ জৰিয়তে গুৰুত্বপূৰ্ণ তথ্য আৰু ডাটা লিক হ’ব পাৰে। কেন্দ্ৰীয় চৰকাৰৰ নিৰাপত্তা উপদেষ্টা ইণ্ডিয়ান কম্পিউটাৰ ইমাৰ্জেন্সি ৰেচপন্স টিমে এই সন্দৰ্ভত পৰামৰ্শ জাৰি কৰি এয়া এক গুৰুতৰ পৰিস্থিতি বুলি গণ্য কৰিছে। CERT-Inৰ মতে এপলৰ প্ৰডাক্টত বহুতো ত্ৰুটি পোৱা গৈছে যাৰ বাবে অনলাইন আক্ৰমণকাৰীয়ে গ্ৰাহকৰ স্পৰ্শকাতৰ তথ্য গোপনে সংগ্ৰহ কৰি ল’ব পাৰে। আশংকা কৰা অনুসৰি হেকাৰে ফোনত থকা গুৰুত্বপূৰ্ণ তথ্যও ফাদিল কৰিব পাৰে।


ত্ৰুটি পোৱা এপলৰ ছফট্‌ৱেৰৰ ছিৰিজসমূহৰ ভিতৰত আছে ১২.৭.৬ৰ পূৰ্বৰ macOS Monterey ছিৰিজ, ১২.৭.৬ৰ পূৰ্বৰ watchOS ছিৰিজ, ১০.৬, ১৭.৬ৰ পূৰ্বৰ tvOS ছিৰিজ ইত্যাদি। ইয়াৰ পূৰ্বে এপলে যোৱা সপ্তাহতহে নিজৰ Latest security update শ্বেয়াৰ কৰিছিল। এপলৰ পৰ্টেলত ব্যৱহাৰকাৰীয়ে এই প্ৰ’গ্ৰামবোৰৰ আটাইতকৈ শেহতীয়া সংস্কৰণবোৰ বিচাৰি পাব।
ব্যৱহাৰকাৰীসকলক এপলে সূচিত কৰা প্ৰাসংগিক ছফটৱেৰ আপগ্ৰেড ইনষ্টল কৰিবলৈ CERT-Inৰ দ্বাৰা অনুৰোধ কৰা হৈছে।

Post a Comment

Previous Post Next Post