বিবাহ বিচ্ছেদৰ পূৰ্বে দম্পতীয়ে গ্ৰহণ কৰিব কি পদক্ষেপ?


 

চীনৰ এখন বিশ্ববিদ্যালয়ে আৰম্ভ কৰিছে এটা বিশেষ কাৰ্যসূচী। ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ চীনৰ Civil Affairs Universityয়ে বিবাহ সম্পৰ্কীয় উদ্যোগ আৰু সংস্কৃতি বিকাশৰ বাবে গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ। বিশ্ববিদ্যালয়খনৰ এই পদক্ষেপক ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে তিৰস্কাৰ কৰাও পৰিলক্ষিত হৈছে। একেসময়তে বিবাহৰ হাৰ হ্ৰাস হোৱাৰ দৰে পাঠ্যক্ৰমৰ প্ৰয়োজনীয়তা সম্পৰ্কে উত্থাপন হৈছে প্ৰশ্ন।

২০২৩ চনত চীনৰ জনসংখ্যা একেৰাহে দ্বিতীয় বছৰৰ বাবে হ্ৰাস হোৱাৰ পিছত নীতি-নিৰ্মাতাসকলে নতুন জন্মৰ হ্ৰাস কমাবলৈ যৎপৰোনাস্তি প্ৰচেষ্টা অব্যাহত ৰাখিছে। যিবোৰ বিবাহৰ হাৰৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত।


বিবাহ সেৱা আৰু ব্যৱস্থাপনা বুলি কোৱা নতুন স্নাতক কাৰ্যসূচীটোৱে বিবাহ উদ্যোগৰ বিকাশৰ ওপৰত গুৰুত্ব দিব। একেসময়তে শিক্ষাৰ্থী আৰু জনসাধাৰণৰ বাবে চীনৰ ইতিবাচক বিবাহ আৰু পাৰিবাৰিক সংস্কৃতিৰ ওপৰত আলোকপাত কৰি আৰু চীনৰ বিবাহ ৰীতি-নীতিৰো সংস্কাৰ কৰিব বুলি ~Global Times’এ সদৰী কৰিছে। বিশ্ববিদ্যালয়খনে এই বছৰ ১২খন প্ৰদেশৰ পৰা ৭০জন স্নাতকৰ নাম Family counselling, high-end wedding planning and the development of matchmaking products কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰিব।

Post a Comment

Previous Post Next Post