পেৰিছ অলিম্পিকত পদকৰ পৰা বঞ্চিত হোৱাৰ পিছত বক্সাৰ লাভলীনা বৰগোঁহায়েই বিচাৰিলে ক্ষমা। অসমবাসীৰ লগতে সমগ্ৰ দেশবাসীৰ ওচৰত পেৰিছ অলিম্পিকত পদক আনিব নোৱাৰাৰ বাবে ক্ষমা বিচাৰিলে লাভলীনা বৰগোঁহায়ে।
ফেচবুকত আবেগভৰা পোষ্ট অসম কন্যা লাভলীনা বৰগোহাঁইৰ। পেৰিছ অলিম্পিকত যুঁজি-যুঁজিও কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হোৱা লাভলীনা বৰগোঁহাইৰ ফেচবুকত আৱেগিক প’ষ্ট। ফেচবুকত লাভলীনাই লিখিলে, ‘‘সঁচাকৈয়ে সমগ্ৰ দেশবাসীক ক্ষমা খুজিব বিচাৰিছো, কিয়নো এইবাৰ ঘৰলৈ পদক আনিব নোৱাৰিলোঁ। বিশেষকৈ অসমৰ ৰাইজলৈ যিসকলে মোৰ বাবে সদায় প্ৰাৰ্থনা কৰে। মই আৰু অধিক কষ্ট কৰিম আৰু অহাবাৰ পূৰ্বতকৈও শক্তিশালী হৈ উভতি আহিম। এইটো শেষ হোৱা নাই, আকৌ এবাৰ নতুন আৰম্ভণি হ’ব। লগতে সকলো প্ৰশিক্ষক, ছাপ’ৰ্ট ষ্টাফ, SAI, অসম চৰকাৰ, BFI, Reliance Sports Foundation, IOS sports আৰু মোৰ সকলো স্পনছ’ৰক মোক কৰা সহায় আৰু উৎসাহৰ বাবে ধন্যবাদ জনাইছো।’’
উল্লেখ্য যে পেৰিছত অলিম্পিকত পেৰিছ অলিম্পিকৰ পৰা চীনৰ প্ৰতিদ্বন্দ্বী লি কিয়ানৰ হাতত পৰাস্ত হৈ বিদায় লৈছিল লাভলীনা বৰগোঁহাইয়ে। টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক দখল কৰা লাভলীনা বৰগোঁহাই পেৰিছ অলিম্পিকত কোৱাৰ্টাৰ ফাইনেলতে থমকি ৰৈছিল। ক্ৰমাগতভাৱে দ্বিতীয়বাৰৰ বাবে অলিম্পিক পদক লাভৰ পৰা ব্যৰ্থ হ’ল লাভলীনা বৰগোঁহাই।
২০২১ চনত জাপানত অনুষ্ঠিত টকিঅ’ অলিম্পিক ২০২০ত ইতিহাস ৰচনা কৰিছিল লাভলীনাই। টকিঅ’ অলিম্পিকত ৬৯ কেজি শাখাত লাভলীনাই দেশক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হৈছিল। ছেমি ফাইনেলত তুৰস্কৰ বুজেনাছ চাৰ্মেলেনীৰ হাতত ৫-০ৰ ব্যৱধানত পৰাস্ত হৈ ব্ৰঞ্জৰ পদক দখল কৰিছিল অসম কন্যা লাভলীনা বৰগোঁহায়ে।