বাংলাদেশৰ পৰা দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পলায়ন কৰি আশ্ৰয় লৈছেহি ভাৰতত। বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ সচেষ্ট হৈ পৰিছে ভাৰত চৰকাৰো। মঙলবাৰে পুৱা কেন্দ্ৰই আহ্বান কৰে সৰ্বদলীয় বৈঠক।
ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে মঙলবাৰে কয় যে বাংলাদেশৰ পৰিস্থিতি ইমান উদ্বেগজনক নহয় যে হিংসাপীড়িত দেশখনত থকা ১২,০০০-১৩,০০০ ভাৰতীয়ক স্থানান্তৰ কৰাৰ প্ৰয়োজন আছে। সংসদত এক সৰ্বদলীয় বৈঠকত ভাষণ দি জয়শংকৰে কয় যে চৰকাৰ বিৰোধী প্ৰতিবাদত ৩০০ৰো অধিক লোক নিহত হোৱাৰ বাবে শ্বেইখ হাছিনা নেতৃত্বাধীন চৰকাৰৰ পতনৰ পাছত চৰকাৰে বাংলাদেশৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে।
বৈঠকত দুয়োখন সদনৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খৰ্গেকে ধৰি এন ডি এৰ সকলো সহযোগী দল আৰু বেছিভাগ বিৰোধী দলে অংশগ্ৰহণ কৰে। অৱশ্যে, আপে অভিযোগ কৰে যে তেওঁলোকক বৈঠকলৈ আমন্ত্ৰণ জনোৱা হোৱা নাই। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীজনে কয় যে চৰকাৰী চাকৰিৰ বাবে এক বিতৰ্কিত সংৰক্ষণ ব্যৱস্থাক লৈ হোৱা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত প্ৰায় ৮,০০০ ভাৰতীয়ই ভাৰতলৈ উভতি আহিছে।
জয়শংকৰে লগতে কয় যে চৰকাৰে হাছিনাক তেওঁৰ ভৱিষ্যৎ পৰিকল্পনা নিৰ্ধাৰণ কৰিবলৈ কিছু সময় দিব বিচাৰে। বৈঠকত অংশগ্ৰহণ কৰি ৰাহুল গান্ধীয়ে কয় যে চৰকাৰৰ এটা মধ্যম আৰু দীৰ্ঘম্যাদী ৰণনীতি থাকিব লাগে, নিৰ্বাচন অনুষ্ঠিত নোহোৱালৈকে বাংলাদেশক অন্তৰ্ৱৰ্তীকালীন চৰকাৰে শাসন কৰিবলৈ সাজু হৈছে।
ছাত্ৰ প্ৰতিবাদকাৰীসকলে নবেল বঁটা বিজয়ী মোহম্মদ ইউনুছক চৰকাৰৰ মুখ্য উপদেষ্টা হ’বলৈ দাবী জনাইছে। এই সন্দৰ্ভত জয়শংকৰে কয় যে পৰিস্থিতিটো এতিয়াও বিকাশশীল। বাংলাদেশত ভাৰত বিৰোধী এক স্পষ্ট ভাবনাৰ সন্দৰ্ভত জয়শংকৰে কয়, তেনে পৰিবেশ কিছুমান ঠাইত দেখা গৈছে যদিও যি চৰকাৰে আহিব সেই চৰকাৰেই ভাৰতৰ সৈতে মোকাবিলা কৰিব।