বিহুৰ পিছত গুৱাহাটীত নতুন অভিলেখ! মনত ৰাখি থওক ৫ আগষ্ট ২০২৪ৰ সন্ধিয়াটো!


 

১২ ঘণ্টীয়া যান-জঁটেৰে গুৱাহাটীয়ে গঢ়িলে নতুন অভিলেখ। ১১ হাজাৰ বিহু নাচনীৰ ৰেকৰ্ডৰ পাছত ১২ ঘণ্টীয়া ট্ৰেফিক জামৰ অভিলেখ গুৱাহাটীৰ। সোমবাৰে বিয়লি ৩ বজাত অহা বৰষুণৰ পিছতে পুৱতি নিশালৈ ৩ বজা পৰ্যন্ত যান-জঁট সৃষ্টি হয়। নিশা গুৱাহাটীৰ ৰাজপথত সৃষ্টি হ’ল সৰ্ববৃহৎ যান-জঁট। কেৱল নিশাই নহয়, গুৱাহাটীৰ ৰাজপথত পুৱাও হৈছে তীব্ৰ যান-জঁট।

১০ বছৰ পাছত গুৱাহাটী মহানগৰীত ভয়ংকৰ কৃত্ৰিম বান। নিমিষতে মহাসাগৰত পৰিণত হ’ল গুৱাহাটী মহানগৰ। ৰাজপথে ৰাজপথে সৃষ্টি হ’ল অভাৱনীয় পৰিস্থিতি। স্তব্ধ হৈ পৰিল গুৱাহাটী মহানগৰীৰ স্বাভাৱিক জনজীৱন। কৃত্ৰিম বানৰ বাবে স্তব্ধ হৈ পৰিল পথ মহানগৰবাসীৰ যোগাযোগ। কৃত্ৰিম বানত দীৰ্ঘসময় আৱদ্ধ হৈ পৰিল স্কুলবাছকে ধৰি অসংখ্য যান-বাহন। কৃত্ৰিম বানৰ বাবে বিলাই বিপত্তি নোহোৱা হৈছে মহানগৰবাসীৰ। কৃত্ৰিম বানেৰে একাকাৰ হৈ পৰিছে ৰাজপথ, নলা-নৰ্দমা আৰু ঘৰ-বাৰী।

গুৱাহাটী মহানগৰীৰ নিশাও ৰাজপথত আবদ্ধ হৈ পৰিল এম্বুলেঞ্চ। সোমবাৰ বিয়লি ৩ বজাৰ পৰা অহা নেৰানেপেৰা বৰষুণৰ ফলত নিমিষতে মহাসাগৰত পৰিণত হ’ল গুৱাহাটী মহানগৰ। সোমবাৰে ৩ বজাৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। ঘণ্টাৰ পিছত ঘণ্টা পৰ্যন্ত ৰাজপথতে আবদ্ধ হৈ থাকিল হাজাৰ হাজাৰ যান-বাহনৰ লগতে লোক।

ইফালে এজাক বৰষুণে উদঙালে অন্তঃসাৰশূন্য গুৱাহাটীৰ প্লেনিং। এজাক বৰষুণে উদঙালে গুৱাহাটী মহানগৰীক কৃত্ৰিম বান ৰোধ কৰাৰ মন্ত্ৰী অশোক সিংহলৰ দম্ভ। এজাক বৰষুণতে ৰুক্মিণীগাঁও, অনিল নগৰ, নবীন নগৰত কৃত্ৰিম বানে জ্বলাকলা খুৱাইছে মহানগৰবাসীক। কিয়নো এই অঞ্চলৰ পানী বোৱাই নিয়াৰ বাবে শিলসাঁকোত মহানগৰ প্ৰশাসনে চলাইছিল উচ্ছেদ অভিযান। শিলসাঁকোত ভাঙি দিছিল প্ৰকাণ্ড প্ৰকাণ্ড অট্টালিকা। কিন্তু সেয়া যেন সকলো ফুটুকাৰ ফেন হ’ল।

আনহাতে ছুপাৰ মাৰ্কেটৰ উৰণ সেতুৰ ফলত ৰাজপথত যান-জঁট হ্ৰাস হ’ব বুলি ধাৰণা কৰা হৈছিল যদিও সেয়াও যেন অসাৰ পৰিপন্ন হয়। কিয়নো ৰুক্মিণীগাঁও, ডাউন টাউনত দৈনিক থাকে তীব্ৰ যানজঁট। ৰুক্মিণী গাঁৱৰ পানীয়ে এই যানজঁটক অধিক যন্ত্ৰণাদায়ক কৰি তুলিছে। সোমবাৰে শেষ নিশা পৰ্যন্ত যান বাহন আৱদ্ধ হৈ থকাৰ বিপৰীতে পুৱাও পানী নকমাত একে যান-জঁটই দেখা গ’ল।

Post a Comment

Previous Post Next Post