সম্প্ৰতি ভাৰতত আশ্ৰয় লৈ থকা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই আৰু কিমানদিনলৈ আশ্ৰয় লৈ থাকিব ভাৰতত? ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰখনৰ পৰা পলায়ন কৰা শ্বেখ হাছিনাই ভাৰতৰ পৰা অন্য দেশলৈ যোৱাৰ পৰিকল্পনা কৰিছে নেকি? ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে এই বিষয়ত সদৰী কৰিছে নতুন তথ্য। বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে প্ৰদান কৰা ভাষ্য় অনুসৰি বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে কোনো ‘আপডেট’ দিব পৰা হোৱা নাই। কাৰণ এইটো তেওঁলোকৰ কাম। তেওঁলোকে সিদ্ধান্ত ল’ব লাগিব যে তেওঁলোক ক’লৈ যাব বা নাযাব। তাৰ পাছতহে ভাৰত চৰকাৰে সিদ্ধান্ত ল’ব।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ইতিমধ্যে সংসদক জনাইছে যে শ্বেখ হাছিনাক চমু সময়ৰ বাবে ভাৰত ভ্ৰমণৰ অনুমতি দিয়া হৈছে। একেদৰে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, ‘‘এই মুহূৰ্তত তেওঁলোকৰ পৰিকল্পনাৰ বিষয়ে ক’বলৈ মোৰ একো নাই। কাৰণ পৰিস্থিতি সলনি হৈ আছে। বিষয়টো স্পষ্ট হোৱাৰ লগে লগে আমি আপোনালোকক সম্পূৰ্ণ তথ্য দিম।’’
ৰণধীৰ জয়ছোৱালে কয়, ‘‘বাংলাদেশৰ পৰিস্থিতি প্ৰতি মুহূৰ্তত সলনি হৈ আহিছে। আমি তাত শান্ত আৰু স্বাভাৱিক পৰিবেশ আশা কৰি আছোঁ, যাতে আমি বাংলাদেশত আমাৰ স্বাৰ্থক আগুৱাই নিব পাৰোঁ। বাংলাদেশত প্ৰায় ১৯,০০০ ভাৰতীয় আছে, যাৰ ভিতৰত আছে ৯,০০০ শিক্ষাৰ্থী। বেছিভাগ শিক্ষাৰ্থীয়ে ঘৰলৈ উভতি আহিছে। বহুতো ভাৰতীয়ই উভতি আহিবলৈ সহায়ৰ বাবে অনুৰোধ জনাইছে। তেওঁলোকক সহায় কৰিবলৈ দূতাবাস প্ৰতিমুহূৰ্তত সাজু হৈ আছে।’’