ধনঞ্জয় চেটাৰ্জীক মনত আছে নে? একৈশ শতিকাৰ প্ৰথমটো ফাঁচী আছিল ধৰ্ষণকাৰী ধনঞ্জয় চেটাৰ্জীৰ। কলকাতাৰ ইতিহাসৰ অন্যতম জঘন্য ঘটনা আছিল সেয়া। ১৯৯০ চনৰ ৫ মে’। সেইদিনাই ব্যক্তিগত নিৰাপত্তাৰক্ষী ধনঞ্জয় চেটাৰ্জীয়ে ঘটাইছিল অঘটনটো। কলকাতাৰ এটা এপাৰ্টমেণ্টত ছিকিউৰিটী গাৰ্ড হিচাপে আছিল ধনঞ্জয় চেটাৰ্জী। ধনঞ্জয়ৰ গতি গোত্ৰ বৰ এটা ঠিক নাছিল। এপাৰ্টমেণ্টটোৰে ১৮ বছৰীয়া ছাত্ৰী এগৰাকীক স্কুলৰ পৰা আহোতে যাওতে জোকাইছিল ধনঞ্জয়ে। মাজে মাজে অশ্নীল ইংগিত দিয়া বুলিও মাকক অভিযোগ দিছিল ছাত্ৰীগৰাকীয়ে। এদিন বিয়লি ঘৰত কোনো নথকাৰ সুযোগ লৈ যুৱতীগৰাকীক ধৰ্ষণ কৰে ধনঞ্জয়ে। তাতেই ক্ষান্ত নাথাকি ধনঞ্জয়ে ছাত্ৰীগৰাকীক নৃশংসভাৱে হত্যা কৰি তাৰ পৰা আঁতৰি যায়।
অপৰাধটো সংঘটিত কৰি গাঁৱৰ ঘৰলৈ যায় ধনঞ্জয়। তীব্ৰ প্ৰতিবাদৰ অন্তত আৰক্ষীয়ে ঘটনাৰ সাত দিন পিছত ধনঞ্জয়ক গ্ৰেপ্তাৰ কৰে। উচ্চতম ন্যায়ালয়ে ধনঞ্জয় চেটাৰ্জীৰ পৰিয়ালৰ আপীল খাৰিজ কৰাৰ পিছত ধনঞ্জয় চেটাৰ্জীৰ ফাঁচী নিশ্চিত হৈ পৰে। ধনঞ্জয়ক ফাঁচী দিবলৈ জল্লাদ অনা হৈছিল উত্তৰ প্ৰদেশৰ পৰা। সেই সময়ৰ সংবাদ মাধ্যমত সবাতোকৈ চৰ্চিত বিষয়টো আছিল ধনঞ্জয়ৰ ফাঁচী। ধনঞ্জয়ক ফাঁচী দিয়াৰ বাবে ৰছীত কিমানটা পাক দিয়া হৈছিল? জল্লাদে কিমান দিন ফাঁচী দিবলৈ পোৱা নাছিল, সেই সকলো কথা বিস্তূত ৰূপত সংবাদ মাধ্যমত প্ৰকাশ পাইছিল।