শিৱসাগৰৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আজি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে শিৱসাগৰত ডিব্ৰুগড় মেডিকেল কলেজৰ ছাত্ৰী ডাঃ সৰিতা তছনিৱালক যেতিয়া হত্যা কৰা হৈছিল, শিৱসাগৰৰ সকলো জাতি-জনগোষ্ঠীয়ে মাৰোৱাৰী সমাজখনৰ হৈ সৈতে থিয় দিছিল। আজি যিটো ঘটনা সংঘটিত হৈছে সেয়া এজনী ছোৱালীক লৈ, ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হোৱাটো স্বাভাৱিক। এই ক্ষোভে অসমীয়া আৰু মাৰোৱাৰী সমাজৰ মাজৰ সমন্বয়ৰ সাকোডাল ভাঙি দিয়াৰ এটা পৰিৱেশ সৃষ্টি হৈছে। ৰাইজে সুন্দৰভাৱে বুজাবুজি কৰি সমস্যাটো সমাধান কৰিছো। মই ভাবো ইয়াক আমি মান আৰু সন্মানৰ প্ৰশ্ন হিচাপে ল’ব নালাগে। যিহেতু ইয়াত এজনী ছোৱালীৰ কথা জড়িত হৈ আছে। যদি ছোৱালীৰ কথা জড়িত নহ’লহেঁতেন, চান্দা-বৰঙণিৰ কথা থাকিলহেঁতেন, তেতিয়াহ’লে আমি তাত সজোৰে মাত মাতিলোহেঁতেন। কিন্তু চান্দা-বৰঙণিৰ কাৰণে এই ঘটনা হোৱা নাই, ছোৱালী এজনীৰ কাৰণে হৈছে।
মুখ্যমন্ত্ৰীয়ে কয়, শিৱসাগৰৰ অসমীয়া সমাজখনে মাৰোৱাৰী সমাজৰ ছোৱালী এজনীৰ লগতো যেতিয়া দুৰ্ঘটনা হৈছিল, তেওঁলোকৰ লগতো থিয় দিছিল। এইটো প্ৰতিষ্ঠাৰ যুদ্ধ নহয়, ছোৱালী এজনীৰ প্ৰতি অন্যায়ৰ বিৰুদ্ধে হোৱা ক্ষোভক আমি প্ৰশমন কৰাৰ চেষ্টা কৰিছো। যদি এই বিষয়ত আঁঠু কাঢ়িছে, আঁঠু কাৰ ওচৰত কাঢ়িছে, ৰাইজৰ ওচৰত কাঢ়িছে, ৰাইজতকৈতো ডাঙৰ কোনো নাই। মই মাৰোৱাৰী সমাজকো আহ্বান জনাম, আপোনালোকেও ইয়াক প্ৰতিষ্ঠাৰ বিষয় হিচাপে নল’ব। কাৰণ সৰিতা তছনিৱালৰ লগত যেতিয়া ঘটনা হৈছিল শিৱসাগৰৰ একেবোৰ দল-সংগঠন তেওঁলোকৰ লগতো থিয় দিছিল। যোৱাকালিৰ পৰা দল-সংগঠনবোৰে কৈছে যে আজিৰ পৰা আমাৰ মাজত একো নাই, আমি যেনেকে আছিলো তেনেকুৱাই থাকিম। এইক্ষেত্ৰত ৰাজনৈতিক বিতৰ্ক কৰিব নালাগে। ছোৱালী এজনী অসমীয়া হওক, মাৰোৱাৰী হওক, হিন্দু হওক, মুছলমান হওক, যেতিয়া ছোৱালী এজনীৰ সন্মানৰ কথা আহে তেতিয়া আমি মনত একো ভাৱ ৰাখিব নালাগে। যদি কোনোবাই ক’লেহেঁতেন মুখ্যমন্ত্ৰীয়ে আঁঠু কাঢ়ি দিয়ক, তেন্তে ময়ো আঁঠু কাঢ়িলোহেঁতেন। ছোৱালীৰ সন্মানতকৈ আমি কোনো ডাঙৰ নহয়। গতিকে সকলো বিষয়ত ৰাজনীতি নহয়, আমি এখন বিশাল হৃদয়েৰে ঘটনাটো পাহৰি যাব লাগে।