হাজাৰ হাজাৰ কোটি টকা লুটি পলায়ন কৰা গুৱাহাটীৰ ধুৰন্ধৰ মহাপ্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ প্ৰেয়সীৰ ঘটিছে এতিয়া লটিঘটি। DB STOCKৰ মালিকৰ কাষ চাপি চাপি বাগদত্তা হোৱালৈ, সুদীৰ্ঘ ৪ বছৰীয়া প্ৰেমৰ মাজতে আহিল সুন্দৰী প্ৰেয়সীৰ দুৰ্দশা। প্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ বাগদত্তা পালেগৈ পাণবজাৰ মহিলা আৰক্ষী থানা। অবাধ সম্পত্তিৰ গৰাকী DB STOCKৰ স্বত্বাধিকাৰী দীপাংকৰৰ লুণ্ঠনৰাজৰ প্ৰতিটো কৌশল জানিছিল প্ৰেয়সীয়ে। কেৱল জালুকবাৰীৰ দীপাংকৰৰ ঘৰতে নহয়, শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগকাৰীয়ে পাবলগীয়া ধন বিচাৰি ক্ষোভিত গ্ৰাহকে ভিৰ কৰে প্ৰেয়সীৰ ঘৰতো।
পিছে এনে খেলিমেলিৰ মাজতে জানিব পৰা গৈছে অহা মাহৰ ১০ ছেপ্টেম্বৰত বিবাহৰ দিন আছিল দীপাংকৰ বৰ্মনৰ। বুক হৈ আছিল খানাপাৰাত থকা পঞ্চতাৰকা তাজ ভিভাণ্টা হোটেলৰ বিলাসী অভ্যৰ্থনা কক্ষ। ইতিমধ্যে শেষ হৈছিল বিবাহৰ নিমন্ত্ৰণী পৰ্ব। বিয়াৰ নিমন্ত্রিত তালিকাখনত আছিল বহু হাই প্ৰ’ফাইল ক্লায়েণ্ট। বিয়াত আহিবলগীয়া লোকৰ তালিকাখনত আছিল অভিনেতা-অভিনেত্ৰী, আৰক্ষী, ৰাজনৈতিকে ধৰি বহু ক্ষেত্ৰৰে বহু জনপ্ৰিয় লোক।
বিয়াৰ পূৰ্বেই বহু ঠাইত একেলগে সময় পাৰ কৰি আহিছিল দীপাংকৰ আৰু হ’বলগীয়া পত্নীয়ে। আনকি হানিমুনৰ বাবে দুয়ো পৰিকল্পনা কৰিছিল ছুইজাৰলেণ্ড যোৱাৰ। গ্ৰাহকৰ ধনেৰে দীপাংকৰ বৰ্মন আৰু প্ৰেয়সীয়ে কটাইছিল বহু বিনোদনৰ সময়। দেশৰ বহু ঠাইত অন্তৰংগ সময়ো কটাইছিল দুয়ো। অভিযুক্ত দীপাংকৰৰ প্ৰতিটো কামৰ সোঁ হাত স্বৰূপ আছিল সুন্দৰী বাগদত্তাগৰাকী।
পিছে আজি দীপাংকৰ পলাল, ফাণ্ডত পৰি গ’ল সুন্দৰী প্ৰেয়সীগৰাকী। ৰাজ্য অথবা দেশে নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ষ্টক ইনভেষ্টমেণ্টৰ নামত কোটিটকীয়া বেহা চলাইছিল DBএ। দীপাংকৰৰ প্ৰেয়সীৰ পৰাও টকা বিচাৰি আজি গ্ৰাহকে কৰিছে হাহাকাৰ। মহানগৰ আৰক্ষীৰ সহায় বিচাৰা সুন্দৰীয়ে এতিয়া সময় কটাবলগীয়া হৈছে পাণবজাৰ মহিলা আৰক্ষী থানাত। মঙ্গলবাৰে নিশা অতিষ্ঠ হৈ দীপাংকৰৰ হ’বলগীয়া পত্নী গৈ উপস্থিত হৈছিল লতাশিল আৰক্ষী থানাত। খোদ এতিয়া আৰক্ষীয়ে সুন্দৰী প্ৰেয়সীগৰাকীক দিছে ৰক্ষণাবেক্ষণ। দীপাংকৰ পলাল, দীপাংকৰৰ দেউতাকে পুত্ৰক ঘূৰি আহিবলৈ জনাইছে অনুৰোধ।