Dhing Case: স্প্ৰেগেঙৰ আতংক মাৰ নাযাওতেই ধিঙত কিশোৰীৰে অপকৰ্ম


 

ধিঙত ধাৰাবাহিক অপৰাধ। স্প্ৰে গেঙৰ আতংক মাৰ নৌযাওতেই দলবদ্ধ ধৰ্ষণৰ বলি দশম শ্ৰেণীৰ ছাত্ৰী। ঘৃণনীয় এই জঘন্য কাণ্ডত কঁপি উঠিছে অপৰাধীৰ ৰম্যভূমি ধিং। ধিং কন্যাৰ ন্যায়ৰ দাবীত প্ৰতিবাদত মুখৰ হাজাৰ হাজাৰ পুৰুষ মহিলা। টিউচনৰ পৰা উভতি অহাৰ বাটত বৃহস্পতিবাৰে কানিমুনি সময়ত দশম শ্ৰেণীৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণ ৩ নৰপিশাচৰ। দলবদ্ধ ধৰ্ষণৰ পাছত এখন বাইকেৰে আনি ভুক্তভোগীক ভকতগাঁও শ্মশানৰ কাষত পেলাই থ’বলৈ লওতেই স্থানীয় লোকৰ চকুত পৰিল ৩ ধৰ্ষণকাৰীৰ ওপৰত। নৰপিশাচ তিনিটাক নিজ চকুৰে দেখা একাংশ প্ৰত্যক্ষদৰ্শীয়ে ভুক্তভোগীক উদ্ধাৰ কৰি ভৰ্তি কৰালে চিকিৎসালয়ত।


বাইকৰ পৰা পেলাই দিয়াৰ পাছতে অচেতন হৈ পৰিল ভুক্তভোগী। অচেতন হৈ পৰা দশম শ্ৰেণীৰ ছাত্ৰীক ধিং চিকিৎসালয়ৰ পৰা স্থানান্তৰ কৰিব লগা হ’ল নগাঁও মেডিকেল কলেজ আৰু হাস্পতাললৈ। ভুক্তভোগীক চিকিৎসাধীন কৰাৰ পাছত ধৰ্ষণকাৰী তিনিটাক বিচাৰি আৰক্ষীৰ লগতে ধিঙত অভিযান চলিল ৰাইজৰ। ৰাতিটোৰ ভিতৰতে ধিঙৰ দলবদ্ধ ধৰ্ষণৰ ঘটনাই জোকাৰি গ’ল সমগ্ৰ ৰাজ্য। ধৰ্ষণকাৰী তিনিটাক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হ’ল খোদ আৰক্ষী সঞ্চালক প্ৰধান। তাৰমাজতে দুই অভিযুক্তক জালত পেলালে নগাঁও আৰক্ষীয়ে। তফাজ্জুল হুছেইন আৰু জুনাইদুল ওৰফে ছহিদুল ইছলামক জিম্মাত লৈ জেৰা আৰম্ভ কৰিলে আৰক্ষীয়ে। আনকি আৰক্ষী সঞ্চালক প্ৰধানেও পৃথকে পৃথকে জেৰা চলালে ২ অভিযুক্তক। ধৰ্ষণৰ পাছত ভুক্তভোগীক তুলি অনা বাইকখন চলাই অহাৰ সন্দেহত তফাজ্জুল হুছেইনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে দীৰ্ঘ সময়ৰ জেৰাৰ পাছত মোকোলাই দিলে জুনাইদুল ওৰফে ছহিদুল ইছলামক।

ৰাজ্য জোকাৰি যোৱা ধিঙৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ তদন্তত জপিয়াই পৰিছে এজনৰ পাছত আনজন শীৰ্ষ আৰক্ষী। দলবদ্ধ ধৰ্ষণত জড়িত তিনিওটা নৰপিশাচক চিনাক্ত কৰি শীঘ্ৰেই কৰায়ত্ব কৰিবলৈ যথাসম্ভৱ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে। আৰক্ষী সঞ্চালক প্ৰধানৰ লগতে নগাঁৱৰ আৰক্ষী অধীক্ষকে ঘটনাস্থলীত তীক্ষ্ণ নজৰ দিয়াৰ বিপৰীতে নগাঁও মেডিকেল কলেজ আৰু হাস্পতালত চিকিৎসাধীন ভুক্তভোগীৰ ভাষ্য সংগ্ৰহ কৰিছে নগাঁৱৰ উপ আৰক্ষী অধীক্ষকে। ভুক্তভোগীৰ ভাষ্যই তিনিওটা ধৰ্ষণকাৰীক চিনাক্ত কৰাত সহায় কৰিব বুলি নিশ্চিত তদন্তকাৰী আৰক্ষী।

Post a Comment

Previous Post Next Post