ধিঙৰ জঘন্য কাণ্ডক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। ভুক্তভোগী কিশোৰীগৰাকীৰ ন্যায় বিচাৰি ধিঙত প্ৰতিবাদ স্থানীয় ৰাইজৰ। বৃহস্পতিবাৰে তিনি পাষণ্ডই অপকৰ্ম কৰি পথৰ দাঁতিত পেলাই থৈ গৈছিল এগৰাকী দশমমানৰ ছাত্ৰীক। দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক দলবদ্ধভাৱে অপকৰ্ম কৰি পেলাই থৈ গৈছিল পথৰ দাঁতিত। এখন শ্মশানৰ কাষত সন্ধিয়াৰ সময়ত তিনি দুৰ্বৃত্তই সংঘটিত কৰিছিলে এই জঘন্য কাণ্ড। মুৰ্মূষু অৱস্থাত ৰাইজে উদ্ধাৰ কৰিছিল কিশোৰীগৰাকীক।
স্কুলীয়া ছাত্ৰীক অপকৰ্ম কৰি পথ দাঁতি পেলাই থৈ যোৱাৰ ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে। ধিঙৰ ৰাজপথলৈ ওলাই আহিল হাজাৰ-হাজাৰ লোক। কিশোৰীগৰাকীৰ ন্যায় বিচাৰি প্ৰতিবাদ স্থানীয় ৰাইজৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ঘটনাস্থলীত উপস্থিত হৈছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং।
ধিঙৰ নাৰকীয় ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই। ‘এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব। অসমীয়া সংখ্যালঘু হোৱা স্থানত এনে ঘটনা বাঢ়িছে। ধিঙত এইটোৱেই প্ৰথম ঘটনা নহয়, ইয়াৰ পূৰ্বেও এনে ঘটনা ঘটিছে ধিঙত। লোকসভা নিৰ্বাচনৰ পিছত অসমত ২২টা ঘটনা ঘটিছে। ধিঙৰ ঘটনাটো ২৩ নম্বৰ ঘটনা। লোকসভা নিৰ্বাচনৰ পিছত বিশেষ একাংশ মানুহ উৎসাহিত হৈছে। DGPক ঘটনাস্থলীলৈ পঠিয়াইছো। DGPক কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা ল’বলৈ কোৱা হৈছে। মধ্য অসম আৰু বৰাক ভেলীৰ খিলঞ্জীয়া মানুহ ভয় আৰু শংকাত থাকে। এই অঞ্চলসমূহত আমাৰ মানুহবোৰ ছেনছেটিভ হ’ব লাগিব।’
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ‘অসমীয়া-বঙালীৰ মাজত লাগি থাকিলে নহ’ব। অসমীয়া-মাৰোৱাৰীৰ মাজত লাগি থাকিলে নহ’ব। কিন্তু আমাৰ মানুহে শত্ৰুক চিনাক্ত কৰিব নোৱাৰাতো দুৰ্ভাগ্যজনক। চৰকাৰে ব্যৱস্থা লৈ আছে। মানুহৰ মাজত থকা জন্তুটোক কেনেকৈ শেষ কৰিব চৰকাৰে?’