DB STOCK BROKING SCAM : কোটি-কোটি টকা লুটি পলাল দীপাংকৰ! প্ৰেয়সী মনালিছাক কৰিলে গ্ৰেপ্তাৰ!


 

পুত্ৰৰ কু-কৰ্মৰ ফল ভুগিব লাগিব নেকি পিতৃ-মাতৃয়ে? সময় অতিবাহিত হোৱাৰ লগে-লগে অধিক চাঞ্চল্যকৰ আৰু ৰহস্যঘন হৈ পৰিছে কোটি-কোটি টকা লুণ্ঠন কৰি পলায়ন কৰা দীপাংকৰ বৰ্মনৰ DB STOCK BROKING লুণ্ঠনৰ কাহিনী। বিবাহৰ দিন-বাৰ-লগ্ন ঠিক কৰি, বিলাসী হোটেলত বিবাহ অনুষ্ঠানৰ পাৰ্টীৰ আয়োজন কৰিও বাগদত্তাক অসমতে এৰি পলাল মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মন।

১৩ জনীয়া কৰ্মচাৰীৰে গুৱাহাটীৰ কাৰ্যালয়ৰ কাম চলাইছিল প্ৰৱঞ্চক দীপাংকৰে। কেইবাটাও আঁচনিত বিনিয়োগকাৰীয়ে বিনিয়োগ কৰিছিল ধন। এবছৰত ১২০%, ছমাহত ৫৪%, তিনি মাহত ২৭% আৰু এমাহত ৮% গ্ৰাহকক দিয়াৰ প্ৰতিশ্ৰুতি দিছিল দীপাংকৰে। অধিক লাভৰ আশাত কষ্টৰ ধন বিনিয়োগ কৰি মূলধনো হেৰুৱাবলগীয়া হ’ল বহু গ্ৰাহকে।


ইতিমধ্যে মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মনৰ প্ৰেয়সী মনালিছা দাসক গ্ৰেপ্তাৰ কৰিছে মহানগৰ আৰক্ষীয়ে। ইয়াৰ পিছতে পোহৰলৈ আহিছে দীপাংকৰ-মনালিছাৰ প্ৰৱঞ্চনাৰ নতুন অধ্যায়। বুধবাৰে আটক কৰা মনালিছাক দীৰ্ঘ সময় ধৰি জেৰাৰ অন্তত বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। পল্টন বজাৰ থানাৰ ২৮৮/২০২৪ নম্বৰৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে মনালিছা দাসক।

এজাহাৰ লাভ কৰা পিছতে মহাপ্ৰবঞ্চক দীপাংকৰ কুটিল অভিসন্ধি ভেদ কৰাৰ বাবে ক্ষিপ্ৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। বৃহস্পতিবাৰে নিশা DB Stock Brokingৰ একাউণ্টেণ্ট জিণ্টুমণি কলিতাক গ্ৰেপ্তাৰ কৰে মহানগৰী আৰক্ষীয়ে। ৰঙিয়াৰ জিণ্টুমণি কলিতাৰ হাতত আছিল DB Stock Brokingৰ ধনৰ লেনদেনৰ সকলো তথ্য। বহু লোকৰ পৰা DB Stock Brokingত ধন বিনিয়োগ কৰোৱাইছিল জিণ্টুৱে। মনালিছা দাসে কোৱাৰ পিছতহে গ্ৰাহকক ধন দিছিল জিণ্টুৱে।

নিশাই উলুবাৰীৰ বৰা ছাৰ্ভিচস্থিত DB Stock Brokingৰ কাৰ্যালয়ত আৰক্ষীয়ে চলাইছিল অভিযান। DCP অমিতাভ বসুমতাৰীৰ উপস্থিতিত পল্টনবজাৰ আৰক্ষীয়ে চলাছিল অভিযান। অভিযানত কেইবাটাও লেপটপ, কম্পিউটাৰ, হাৰ্ড ডিস্কৰ লগতে দুটা বেগত বহু নথি-পত্ৰ জব্দ কৰিছে অভিযানকাৰী আৰক্ষীয়ে।

DB Stock Broking লুণ্ঠন কাণ্ডৰে জড়িত সন্দেহত ১০ কৰ্মচাৰীক আটক কৰিছে আৰক্ষীয়ে।  ইয়াৰে ৬ যুৱক আৰু ৪ যুৱতী। আটক হোৱা আটাইকেইগৰাকী কৰ্মচাৰীক গ্ৰেপ্তাৰ পূৰ্ণ সম্ভাৱনা DB Stock Brokingৰ কৰ্মচাৰীকেইজন।

Post a Comment

Previous Post Next Post