এইবাৰ তেজপুৰত সংঘটিত হ’ল এক জঘন্য ঘটনা, বিশেষভাৱে সক্ষম কিশোৰীৰ সৈতে দুষ্কৰ্ম দুই পাষণ্ডৰ


 

এইবাৰ তেজপুৰত সংঘটিত হ’ল এক জঘন্য কাণ্ড৷ দুই নৰপিশাচৰ কামনাৰ বলি এগৰাকী ১৫ বছৰীয়া বিশেষভাৱে সক্ষম কিশোৰী। সোমবাৰে সংঘটিত হৈছিল এই জঘন্য ঘটনাটো। আত্মীয়ৰ ঘৰৰ পৰা ঘৰ অভিমুখে আহি থকা অৱস্থাত সন্ধিয়া আন্ধাৰৰ সুযোগ লৈ কিশোৰীগৰাকীৰ সৈতে অপকৰ্মত লিপ্ত হয় দুই পাষণ্ডই।

ইয়াৰ পিছতে পৰিয়ালৰ লোকে স্থানীয় বৰঘাট চকীত দাখিল কৰে এজাহাৰ। ভুক্তভোগী কিশোৰীগৰাকীৰ ভাষ্য অনুসৰি অভিযান চলাই আৰক্ষীয়ে আকাশ মুণ্ডা নামৰ নৰাধমটোক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰে। এইপৰ্যন্ত আন এজন অৱিযুক্ত পলাতক হৈ আছে৷

ঘটনা সন্দৰ্ভত তেজপুৰ সদৰ আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত 64(2)(K) আৰু POCSO আইনৰ 6 নং ধাৰাৰ অধীনত 501/2024 নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে৷ উল্লেখযোগ্য যে তিনিদিন পিছতহে আজি পোহৰলৈ আহে এই ঘটনা। ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়াল, আত্মীয় তথা গাঁওবাসী কোনেও মুখ খুলিব বিচৰা নাই যদিও সাহসেৰে বিশেষভাৱে সক্ষম কিশোৰীগৰাকীয়ে ন্যায় প্ৰাপ্তিৰ আশাৰে ঘটনা সম্পৰ্কত মুখ খুলিছে।

Post a Comment

Previous Post Next Post