কলকাতাৰ তৰুণী চিকিৎসকৰে অপকৰ্ম সংঘটিত কৰা মূল অভিযুক্ত সঞ্জয় ৰয়ক আজি ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। শুকুৰবাৰে আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে শিয়ালদাহ অসামৰিক আৰু ফৌজদাৰী আদালতত হাজিৰ কৰোৱা হৈছিল সঞ্জয়ক।
শুকুৰবাৰে ৰয়ৰ চিবিআই জিম্মা সমাপ্ত হোৱাৰ পাছত লোৱা হৈছে এই সিদ্ধান্ত। আনহাতে, কলকাতাৰ এখন বিশেষ আদালতে চিবিআইক সঞ্জয় ৰয়ৰ ওপৰত পলিগ্ৰাফ পৰীক্ষা কৰাৰ অনুমতি প্ৰদান কৰিছিল। অৱশ্যে, পলিগ্ৰাফ পৰীক্ষাৰ ফলাফলবোৰ আদালতত প্ৰমাণ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি।
ইয়াৰ পৰিৱৰ্তে ইয়াক মুখ্যতঃ অনুসন্ধানকাৰীসকলক তেওঁলোকৰ অনুসন্ধানত সহায় কৰিবলৈ ব্যৱহাৰ কৰা হয়। ৰয়ৰ মনোবিশ্লেষণমূলক মূল্যায়নে প্ৰকাশ কৰিছে যে অশালীন ভিডিঅ’ৰ প্ৰতি তেওঁৰ আছিল তীব্ৰ আসক্তি। আৰু তেওঁ সংঘটিত কৰা দুষ্কাৰ্যৰ বাবে নাছিল কোনো অনুশোচনা! উল্লেখ্য যে সঞ্জয় ৰয়ৰ মোবাইল ফোন অশালীন ভিডিঅ’ৰে ভৰি থকাৰ তথ্য পাইছে চিবিআই-এ।
৯ আগষ্টত আৰ জি কৰ মেডিকেল কলেজ এণ্ড হাস্পতালৰ ছেমিনাৰ হলত চিকিৎসকজনৰ মৃতদেহ আৱিষ্কাৰ হোৱাৰ পাছদিনা সঞ্জয় ৰয় নামৰ এইজন নাগৰিক স্বেচ্ছাসেৱকক গ্ৰেপ্তাৰ কৰা হৈছিল। প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে অভিযুক্ত সঞ্জয় ৰয়ে অপৰাধ সংঘটিত কৰাৰ পূৰ্বে সুৰাপান কৰিছিল।
চিচিটিভি ফুটেজৰ পৰা সংগ্ৰহ কৰা প্ৰমাণত অপৰাধৰ দিনা পুৱা ৪ বজাত ৰয়ে চিকিৎসালয়খনৰ জৰুৰীকালীন ভৱনত প্ৰৱেশ কৰা, ব্লুটুথ ডিভাইচ পিন্ধি থকা অৱস্থাত দেখা গৈছিল। তেওঁক প্ৰায় ৪০ মিনিট পাছত প্ৰস্থান কৰা দেখা গৈছিল।