Sanjay Rai polygraph test : পলিগ্ৰাফ টেষ্টত সন্মতি দিলে আৰ জি কৰ কাণ্ডৰ অভিযুক্ত সঞ্জয় ৰয়ে



 পলিগ্ৰাফ টেষ্টৰ বাবে সন্মতি দিলে আৰ জি কৰ কাণ্ডৰ অভিযুক্ত সঞ্জয় ৰয়ে। আৰ জি কৰ কাণ্ডত যুৱতী চিকিৎসকক অপকৰ্ম আৰু হত্যাৰ অভিযোগত ধৃত সঞ্জয় ৰয়ৰ পলিগ্ৰাফ টেষ্টা কৰাৰ বাবে আবেদন কৰিছিল চিবিআয়ে। সেই অনুমতি আদালতে দিলেও পলিগ্ৰাফ টেষ্টৰ বাবে প্ৰয়োজন আছিল সঞ্জয়ৰ ৰয়ৰ সন্মতিৰ।

আজি ধৃত চিভিক ভলেণ্টিয়াৰ সঞ্জয়ৰ সন্মতি লোৱাৰ বাবে তেওঁক শিয়ালদহ আদালতত হাজিৰ কৰায় চিবিআয়ে। তাতেই ছেকেণ্ড জুডিচিয়েল মেজিষ্ট্ৰেটৰ সন্মুখত পলিগ্ৰাফ টেষ্টৰ বাবে সন্মতি দিয়ে অভিযুক্ত সঞ্জয় ৰয়ে।

আজি অভিযুক্ত সঞ্জয় ৰয়ক ১৩ দিনৰ বাবে জে’ল হাজোতলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে শিয়ালদহ আদালতে। চিবিআইৰ ফালৰ পৰা সঞ্জয়ৰ ন্যায়িক জিম্মা বিচৰা হৈছিল। সেই আবেদন মঞ্জুৰ কৰে আদালতে।নিৰাপত্তাৰ কথা ভাবিয়ে আদি মুকলি আদালতত সঞ্জয়ৰ শুনানি গ্ৰহণ কৰা নহ’ল। তাৰ সলনি মেজিষ্ট্ৰেটৰ চেম্বাৰতে সঞ্জয়ৰ শুনানিৰ ব্যৱস্থা কৰা হয়।

Post a Comment

Previous Post Next Post