DB Stock Broking Fraud: ব্ৰেকফাষ্ট জম্মুত, লাঞ্চ হায়দৰাবাদত আৰু দিল্লীত ডিনাৰ!


 

মহাপ্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ ইলাহি কাৰবাৰ। ব্ৰেকফাষ্ট যদি জম্মুত, লাঞ্চ হায়দৰাবাদত আৰু দিল্লীত ডিনাৰ কৰাৰ অভ্যাস দালাল দীপাংকৰ বৰ্মনৰ। থকা-মেলা, খোৱা-বোৱা, ফুৰা-চকা সকলোকে আভিজাত্যৰ চিন স্পষ্ট। দীপাংকৰ বৰ্মনৰ জন্ম নলবাৰীত। ডুমডুমা কলেজৰ প্ৰাক্তন উপাধ্যক্ষৰ পুত্ৰ হোৱাৰ সূত্ৰে উজনি অসমত ডাঙৰ দীঘল হোৱা দীপাংকৰ বৰ্মনে শেহতীয়াকৈ থাকিবলৈ লৈছিল গুৱাহাটী মহানগৰীত। ২০২০ চনৰ পৰা DB STOCK BROKINGৰ নামত লুণ্ঠন আৰম্ভ কৰিছিল দীপাংকৰে। পিতৃ ডুমডুমা কলেজৰ উপাধ্যক্ষ হোৱাৰ সূত্ৰে দীপাংকৰৰ বেছিভাগ ক্লায়েণ্টেই আছিল উজনি অসমৰ।


দীপাংকৰ বৰ্মনৰ কোন নাছিল ক্লায়েণ্টৰ তালিকাত! ৰাজনীতিক, অধ্যাপক, ব্যৱসায়ী, অভিনেতা-অভিনেত্ৰী আৰু ইউটিউবাৰকে ধৰি সমগ্ৰ দেশৰ ২৩ হাজাৰ লোক। ষ্টক মাৰ্কেটত ধন বিনিয়োগৰ অচিলাৰে ৩ বছৰত ২৩ হাজাৰ ক্লায়েণ্টৰ পৰা দীপাংকৰে গোটাইছিল ৪ হাজাৰ কোটি টকা। গুৱাহাটীৰ বৰা ছাৰ্ভিছ, নলবাৰী, হায়দৰাবাদকে ধৰি দেশৰ বিভিন্ন ঠাইত DB STOCK BROKINGৰ অত্যাধুনিক কাৰ্যালয় খুলি ক্লায়েণ্টক টোপ দিছিল দীপাংকৰ বৰ্মনে। এবছৰত ১২০ শতাংশ, ছমাহত ৫৪ শতাংশ, ৩ মাহত ২৭ শতাংশ আৰু এমাহত ৮ শতাংশ লাভৰ টোপত কোটি কোটি টকা বিনিয়োগ কৰিছিল বহুলোকে।

২৩ হাজাৰ লোকক ৰঙীন সপোন দেখুৱাই ৪ হাজাৰ কোটি টকা লুটাৰ পাছত মে’ মাহৰ পৰা লেন-দেন বন্ধ কৰি দিছিল দীপাংকৰ বৰ্মনে। দুমাহে ফুটাকড়ি এটাও নোপোৱা একাংশ ক্লায়েণ্টে ১৯ আগষ্টত পিষ্টল দেখুৱাই ভাবুকি দিছিল বৰা ছাৰ্ভিছৰ অফিচৰ কৰ্মচাৰীক। ২০ আগষ্টত পিতৃ-মাতৃ থকা গোটানগৰৰ ফ্লেটৰ লগতে খাৰঘূলিৰ বাগদত্তাৰ ঘৰতো ধন বিচাৰি হেঁচা দিলে একাংশ গ্ৰাহকে। তেতিয়াই আৰক্ষীৰ শৰণাপন্ন হ’ল দীপাংকৰ বৰ্মনৰ বাগদত্তা। ১০ ছেপ্তেম্বৰত দীপাংকৰ বৰ্মনৰ সৈতে বিয়া হ’ব লগা বাগদত্তা এতিয়া থাকিব লগা হৈছে পাণবজাৰ মহিলা আৰক্ষীৰ জিম্মাত। আনফালে ৩ বছৰত বিনিয়োগৰ ‘ব’ টোও নজনা লোকৰ পৰা ৪ হাজাৰ কোটি লুট কৰি পলাতক হৈ আছে দীপাংকৰ বৰ্মন।

Post a Comment

Previous Post Next Post