বুধবাৰে কেবিনেট বৈঠকৰ পিছতে লোকসেৱা ভৱনত সংবাদ মেল সম্বোধন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। সংবাদ মেলত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অতুল বৰা, পীযুষ হাজৰীকা, কেশৱ মহন্ত, যোগেন মহন, ডাঃ ৰণোজ পেগু, জয়ন্ত মল্লবৰুৱা, অজন্তা নেওগ। বুধবাৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি কয়, “এতিয়াৰে পৰা ইছলাম লোকসকলে ইমামসকলৰ উপস্থিতিতে বিবাহ সম্পন্ন কৰিব পাৰিব। কিন্তু পূৰ্বতে কাজীয়ে বিবাহ সম্পন্ন কৰিছিল, কিন্তু এতিয়া উপ-পঞ্জীয়কেহে বিবাহ সম্পন্ন কৰিব।”
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “আঢ়ৈশ বছৰ পুৰণা হোৱা সাংস্কৃতিক ক্ষেত্ৰসমূহকহে ঐতিহ্যক্ষেত্ৰ হিচাপে ধৰা হ’ব। আঢ়ৈশ বছৰ পুৰণা সকলো মঠ মন্দিৰক আমি সংৰক্ষিত এলেকাৰ ভিতৰত আনিব পাৰিম। ঐতিহ্যক্ষেত্ৰসমূহৰ ৫ কিঃমিঃ ভিতৰত থকা লোকসকলেহে সেই স্থানৰ মাটি ক্ৰয় কৰিব পাৰিব। কিন্তু, তাৰ বাবে সেই নিৰ্দিষ্ট স্থানৰ ভিতৰত তিনিটা প্ৰজন্মই একেলগে বাস কৰিব লাগিব। অৱশ্যে মাজুলীৰ ক্ষেত্ৰত সম্পূৰ্ণ জিলাখনকে সামৰি লোৱা হৈছে। বৰপেটা, বটদ্ৰৱাত এই নিয়ম এতিয়াৰে পৰা প্ৰযোজ্য হ’ব।”
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লগতে কয়, “৫৪২ গৰাকী জীৱিকা সখীক শীঘ্ৰেই প্ৰদান কৰা হ’ব স্কুটী। আজিৰ দিনত ২৭ লাখ মহিলাই অৰুণোদয় আঁচনি লাভ কৰি আছে। ‘অৰুণোদয় ৩’ আঁচনিত ১২ লাখ ৬০ হাজাৰ হিতাধিকাৰীক পুনৰ সামৰি লোৱা হ’ব। এতিয়াৰে পৰা ৰেচন কাৰ্ড থকা লোকসকলেহে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব, অন্যথা নাপাব অৰুণোদয় আঁচনিৰ সুবিধা।”