প্ৰথমে ৫ সমষ্টিৰ উপ-নিৰ্বাচন। তাৰে পিছতে শাৰদীয় দুৰ্গা পূজাৰ পিছতে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন। সম্পূৰ্ণ নতুন পদ্ধতিৰে আৰম্ভ হ’বলগীয়া নিৰ্বাচনক লৈ শাসক-বিৰোধীয়ে আৰম্ভ কৰিছে তৎপৰতা। সমানে-সমানে তৎপৰতা বৃদ্ধি হৈছে প্ৰশাসনৰ। কিয়নো এইবাৰৰ পৰা সংশোধিত পঞ্চায়ত আইন অনুসৰি গাঁও পঞ্চায়তৰ সভাপতি পদৰ বাবে অনুষ্ঠিত নহয় প্ৰত্যক্ষ নিৰ্বাচন। গাঁও পঞ্চায়ৰ নিৰ্বাচিত ৱাৰ্ডসমূহৰ প্ৰতিনিধিয়ে নিৰ্বাচিত কৰিব পঞ্চায়ত সভাপতিক।
লগতে, গাঁও পঞ্চায়ত সদস্য পদত নাথাকিব প্ৰথমবাৰৰ বাবে কোনো ধৰণৰ ৰাজনৈতিক প্ৰতীক। তাৰ পৰিৱৰ্তে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত থাকিব ৰাজনৈতিক প্ৰতীক। বিধানসভাৰ সমষ্টিভিত্তিত গঠন হ’ব প্ৰতিখন পঞ্চায়ত। আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব একে নীতি। ইয়াৰে বাব ৩০ আগষ্টত প্ৰকাশ পাব পঞ্চায়ত পুনঃ গঠনৰ প্ৰথমখন খচৰা। খচৰা প্ৰকাশৰ পিছতে জিলা আয়ুক্তৰ হাতত ৰাইজে দাখিল কৰিব পাৰিব ওজৰ আপত্তি।প্ৰতিখন আঞ্চলিক পঞ্চায়ত প্ৰতিটো জিলা পৰিষদৰ লগতে প্ৰতিখন উন্নয়ন খণ্ডৰ পুনঃ গঠন প্ৰক্ৰিয়াৰ মাজেৰে প্ৰকাশ পাব খচৰা তালিকা। খচৰা প্ৰকাশৰ পিছতে বিভিন্ন দল সংগঠন অথবা ব্যক্তিয়ে ৮ ছেপ্টেম্বৰৰ পৰা দাখিল কৰিব পাৰিব ওজৰ আপত্তি। সকলোৰে মতামত গ্ৰহণ কৰাৰ পিছত ১৭ ছেপ্টেম্বৰত প্ৰকাশ পাব ব্লক পঞ্চায়ত পুনৰ গঠনৰ চূড়ান্ত তালিকা। ৰাজ্য চৰকাৰে প্ৰকাশ পোৱা চূড়ান্ত তালিকাৰ ভিত্তিত অনুষ্ঠিত কৰিব পঞ্চায়ত নিৰ্বাচন। উল্লেখযোগ্য যে চলিত বৰ্ষৰ ৩১ ডিচেম্বৰৰ পূৰ্বে ৰাজ্যত নতুন পঞ্চায়তে ল’ব দায়িত্ব।