MrJazsohanisharma

লোভৰ ছুনামিত চাৰখাৰ বিশ্বনাথ জিলাৰ হাজাৰ-হাজাৰ লোকৰ সংসাৰ



 গহপুৰ, বিশ্বনাথত YBYৰ লুণ্ঠন। কোটিপতি হোৱাৰ টোপ দি শিক্ষক, কৰ্মচাৰী, দোকানী-পোহাৰীক লুটিপুতি পলাল YBY এপ। সোমাওতে বাম্পাৰ অফাৰ আছিল YBYৰ। ওলাওতে কন্দুৱাই গ’ল বিশ্বনাথ জিলাৰ হাজাৰ হাজাৰ লোকক। গহপুৰত ট্ৰেডিং এপ YBY ৰ আৰম্ভণি কৰিছিল জনৈক অনিৰাম বসুমতাৰীয়ে। প্ৰথম টাৰ্গেট আছিল এজন শিক্ষক। তেনেই সহজ অংক YBYৰ।  ৬,০০০ ৰ পৰা ৯,৯৯৯ টকালৈ জমা থ’লে প্ৰতিদিনে ৫% লাভ। সহজেই এই টোপ গিলিলে বহুজনে।

৬,০০০ টকা জমা থৈ এদিনত লাভ পালে ৩০০ টকা। মুলধন ১০,০০০ টকা হোৱাৰ পাছত ৬%লৈ বাঢ়িল প্ৰতিদিনৰ লাভৰ পৰিমাণ। ১০,০০০ ত দৈনিক ৬০০ টকা লাভ পোৱা সকলৰ বাঢ়ি গ’ল লোভ। বহুতে বেংকৰ সাঁচতীয়া ধন আনি বিনিয়োগ কৰিলে YBY এপত। ২০,০০০ টকা জনা কৰি ৭% হাৰত প্ৰতিদিনে ১৪০০ টকা লাভ পোৱাৰ পাছত বহুতে কাম কাজ বাদ দিলে। চাকৰি কিম্বা ব্যৱসায় এৰি YBY এপতে জীৱন সমৰ্পন কৰাৰ সংকল্প ল’লে একাংশই।

কিছুমানৰ মুলধন ৫০,০০০ৰো পাৰ হৈ গ’ল। তেনে লোকে ৮% হাৰত প্ৰতিদিনে ৪,০০০ টকাৰ লাভ পালে। ১লাখ টকা জমা থকা জনৰ দৈনিক লাভ হ’ল ৮০০০ টকা। নিশা ৯ বজাৰ পৰা চাৰে ১০ বজাৰ ভিতৰৰ মাত্ৰ ডেৰ ঘণ্টা সময় ম’বাইল পিটিকি হাজাৰ-হাজাৰ টকা ৱালেটত জমা হোৱা দেখি ৰঙীন সপোন দেখিলে সকলোৱে। দিন হাজিৰা কৰি ৬,০০০ টকা জমা থোৱা কোনোজনৰ ৱালেটত জমা পৰিমাণ বাঢ়িল ৭ লাখ টকালৈ। সেই ধনেৰে পূজাৰ বতৰত এখন গাড়ী কিনাৰ কথা ভাবি থাকোতেই চিচিংফাক হৈ গ’ল YBYৰ ধনেৰে গাড়ী কিনাৰ সপোন।
দিন হাজিৰা কৰি ভাত মোকোলোৱা এজনে পলমকৈ আৰম্ভ কৰিছিল বিনিয়োগ। তেতিয়ালৈ লুটিপুতি দোকান সামৰাৰ সময় হৈছিল YBYৰে জড়িত দুষ্টচক্ৰৰ। গাহৰি বেছি YBYত ধন বিনিয়োগ কৰা বহু ভুক্তভোগীয়ে মূৰে-কপালে হাত দিব লগা হৈছে বিশ্বনাথ চাৰিআলিত।বিশ্বনাথ জিলাত YBYৰ ৰামটাঙোন খোৱা লোকৰ সংখ্যাই হয়তো চুব পাৰে লাখৰ ঘৰ। সেই হিচাপত কেৱল এখন জিলাতে লুণ্ঠনৰ পৰিমাণ হ’ব পাৰে ২০০ কোটি টকা ৰো অধিক।বিনিয়োগৰ বিষয়ে যথোচিত জ্ঞান নথকাৰ বাবেই দুষ্টচক্ৰই মাধমাৰ শোধোৱাৰ সুযোগ পালে গাঁৱৰ লগতে মফঃচলৰ এই লোকসকলক।

Post a Comment

Previous Post Next Post