সামাজিক মাধ্যমক অস্ত্ৰ হিচাপে লৈ ২০২৬ৰ ৰণত নামিব কংগ্ৰেছ!



 এই যুগ সামাজিক মাধ্যমৰ যুগ। সামাজিক মাধ্যমৰ শক্তি অপৰিসীম। সমাজিক মাধ্যমে যিকোনো অসম্ভৱ কামো কৰিবৰ বাবে সম্ভৱ। তাৰ প্ৰতি লক্ষ্য ৰাখি ২০২৬ৰ যুদ্ধৰ বাবে এইবাৰ ডিজিটেল মিডিয়াৰ জৰিয়তে সাজু হ’ব বিৰোধী কংগ্ৰেছ। সদ্য সমাপ্ত লোকসভা নিৰ্বাচনৰ সময়ৰে পৰা  সামাজিক মাধ্যমত যঠেষ্ট লাভম্বিত হৈছিল কংগ্ৰেছ। তাৰপিছত এইবাৰ কংগ্ৰেছেও ডিজিটেল যুঁজ দিবলৈ সাজু হৈছে।


কেৱল বেনাৰ বা পোষ্টাৰত নহয়। এইবাৰ ডিজিটেল বাহিনীৰ জৰিয়তে ঘৰে ঘৰে হ’ব কংগ্ৰেছ শীৰ্ষক শ্ল’গানেৰে ২০২৬ৰ নিৰ্বাচনৰ বাবে ডিজিটেলী আৰম্ভ কৰিব অভিযান। তাকে লৈ আশাবাদী প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। দলীয় কাৰ্যসূচীসমূহ তথা নেতাৰ কথা যাতে ৰাইজৰ চকুত পৰে তাৰ দায়িত্ব থাকিব ডিজিটেল বাহিনীৰ।পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এক কোটি লোকৰ সৈতে সংযোগৰ আশা ডিজিটেল বাহিনীৰ। কংগ্ৰেছৰ পৰা ডিজিটেল বাহিনীৰ শিক্ষা বি জে পিয়ে লোৱা বুলি মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। ইতিমধ্যে, ৰাজ্যৰ প্ৰতি প্ৰান্তৰ বচা-বচা যুৱক যুৱতীক ডিজিটেল শিক্ষা প্ৰদান কৰিছে প্ৰদেশ কংগ্ৰেছে। পৰৱৰ্তী সময়ত এওঁলোক যাব অসমৰ চুকে-কোণে যাব ডিজিটেল বাহিনীয়ে। উল্লেখযোগ্য যে পঞ্চায়ত নিৰ্বাচনতো কংগ্রেছে মূল অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব ডিজিটেল মাধ্যম।

Post a Comment

Previous Post Next Post