হোজাই-কাৰ্বি আংলং সীমান্ত বকলীয়াঘাট টকৌবাৰীত লোমহৰ্ষক হত্যাকাণ্ড ৷ দুজন মাছমৰীয়াক নৃশংস হত্যা কৰিলে অচিনাক্ত দুৰ্বৃত্তই। মাছমৰীয়া নীল বৰদলৈ আৰু বিভীষণ বৰদলৈক (লাংফু) নৃশংস হত্যা কৰে অচিনাক্ত দুৰ্বৃত্তই। সোমবাৰে নিশা কুঁচিয়া ধৰিবলৈ গৈছিল নীল বৰদলৈ আৰু বিভীষণ বৰদলৈয়ে৷ কিন্তু আজি আজি পুৱা মৃতদেহ প্ৰত্যক্ষ কৰে মৃতদেহ। নিজ ভতিজাকে মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। হত্যাকাণ্ডৰ কাৰণ বৰ্তমানে জানিব পৰা হোৱা নাই ৷ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। আৰক্ষীৰ অধিক তদন্তৰ পিছতে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য।