মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা! এইবাৰ বিদ্যালয়ৰ পৰা নিখোজ এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী



 মহানগৰীৰ পুনৰ চাঞ্চল্যকৰ ঘটনা। মহানগৰীত প্ৰতিদিনে সংঘটিত হৈ আছে এটাৰ পিছত আন এটা বিক্ষিপ্ত ঘটনা। কেতিয়াবা যদি মহানগৰীৰ মাজ-মজিয়াত দিন-দুপৰতে স্কুলীয়া ছাত্ৰীক ৰাজপথত অচিনাক্ত দুৰ্বৃত্তৰ নিৰ্যাতন চলাই। কেতিয়াবা আকৌ মহানগৰীত মাজিয়াৰ পৰা যুৱতীক টনা-আজোৰা কৰে অচিনাক্ত দুৰ্বৃত্তই।

এইবাৰ মহানগৰীত সংঘটিত আন এক চাঞ্চল্যকৰ ঘটনা। উলুবাৰীৰ পূব শৰণীয়া প্ৰাথমিক বিদ্যালয়ৰ পৰা নিৰুদেশ এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী। সোমবাৰে  বিদ্যালয়লৰ পৰা এতিয়ালৈ উভতি অহা নাই ছাত্ৰীগৰাকীয়ে। নিৰুদিষ্ট ছাত্ৰী ছাত্ৰী গৰাকীৰ নাম নয়না তাতী বুলি জানিব পৰা গৈছে। নিশা ২ বজালৈকে জীয়ৰীক বিছাৰি মহানগৰীত হাবাথুৰি খাইছে পিতৃ-মাতৃ আৰু পৰিয়ালৰ লোক।


জানিব পৰা অনুসৰি পৰিয়ালৰ লোকে কন্যাক বিদ্যালয়ৰ পৰা নিবলৈ অহাৰ আগতেই বিদ্যালয় কৰ্তৃপক্ষই অকলেই পঠাই দিয়ে ছাত্ৰীগৰাকীক। চানমাৰী আৰক্ষীক নিৰুদেশৰ খবৰ অৱগত কৰে যদিও আৰক্ষীয়ে বিশেষ গুৰুত্ব নিদিয়াৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ।

Post a Comment

Previous Post Next Post