ভাৰতৰ তাৰকা জেভলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই বৃহস্পতিবাৰে নিশা অলিম্পিকত স্বৰ্ণপদক জয়ৰ লক্ষ্যৰে নামিব। নীৰজৰ ইভেণ্ট ভাৰতীয় সময় অনুসৰি নিশা ১১.৫৫ বজাত। জিঅ’ চিনেমাত লাইভ ষ্টিমিং দেখিবলৈ পাব এই খেল। ইয়াৰ উপৰি স্প’ৰ্টছ18 চেনেলত চাব পাৰিব পোনপটীয়া সম্প্ৰচাৰ।
নীৰজে যোগ্যতা পৰ্বত সুন্দৰ প্ৰদৰ্শন কৰিছিল। প্ৰথম প্ৰচেষ্টাতে ৮৯.৩৪ মিটাৰ থ্ৰ’ কৰি ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছিল তেওঁ। টকিঅ’ অলিম্পিকৰ দৰে এইবাৰো নীৰজে কেইটামান ছেকেণ্ডৰ ব্যৱধানত যোগ্যতা অৰ্জন কৰিছিল।
এইবাৰৰ প্ৰত্যাহ্বান পূৰ্বৰ অলিম্পিকতকৈ কঠিন। মুঠ ৯জন খেলুৱৈৰ ভিতৰত নীৰজৰ দৰে পাঁচজনে তেওঁলোকৰ প্ৰথম থ্ৰ’তে ফাইনেলত প্ৰৱেশ কৰিছিল।
২৬ বছৰীয়া ভাৰতীয় খেলুৱৈগৰাকীয়ে খুব ভালদৰে বুজি পায় এই প্ৰত্যাহ্বান। কাৰণ তেওঁ বিগত ৮ বছৰ ধৰি আন্তৰ্জাতিক পৰ্যায়ত এনেধৰণৰ প্ৰত্যাহ্বানৰ মুখামুখি হৈছে।
যদি নীৰজে শ্ৰেষ্ঠত্ব অৰ্জন কৰে, তেন্তে তেওঁ অলিম্পিকৰ ব্যক্তিগত বিভাগত দুটি স্বৰ্ণপদক জিকা প্ৰথম ভাৰতীয় হৈ পৰিব। নীৰজে পদক জিকিলে স্বাধীনতাৰ পিছত দুটা অলিম্পিকত পদক জিকা চতুৰ্থগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হ’ব।
স্বাধীনতাৰ পিছত কেৱল বেডমিণ্টন খেলুৱৈ পিভি সিন্ধুৱে (এটা ৰূপ আৰু এটা ব্ৰঞ্জ) এই অভিলেখ গঢ়িছে। মল্লযোদ্ধা সুশীল কুমাৰে (এটা ৰূপ আৰু এটা ব্ৰঞ্জ) আরু শ্বুটাৰ মনু ভাকৰে (দুটা ব্ৰঞ্জ) ভাৰতৰ হৈ দুটাকৈ অলিম্পিকত পদক জিকিছে।