Ashok Sarma : কাইলৈ কংগ্ৰেছত যোগদান কৰিব নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই


 

শুকুৰবাৰে কংগ্ৰেছত যোগদান কৰিব সদ্য বিজেপি ত্যাগী নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। নলবাৰী ৰাজীৱ ভৱনত কংগ্ৰেছৰ যোগদান কাৰ্যসূচীত দলটোত যোগদান কৰিব অশোক শৰ্মাই।

যোগদান কাৰ্যসূচীত উপস্থিত থাকিব অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ, সাংসদ ৰকিবুল হুছেইন আৰু দলটোৰ নেতা-কৰ্মী।

উল্লেখযোগ্য যে ২ আগষ্টত বিজেপি ত্যাগ কৰিছিল প্ৰাক্তন বিধায়কগৰাকীয়ে। বিজেপিৰ পৰা লাঞ্ছনা পোৱাৰ অভিযোগ তুলি পদত্যাগ পত্ৰ দাখিল কৰিছিল।


পদত্যাগ পত্ৰ দাখিল কৰাৰ পিছত অশোক শৰ্মাই কৈছিল, ‘‘লাঞ্ছনাৰ বাবেই মই বিজেপিৰ ভাল দিনত দল এৰিছো। মোৰ আত্মৰক্ষাৰ বাবে দল এৰিছো।’অশোক শৰ্মাই লগতে কৈছিল, ‘‘মোৰ বলিদানে দলৰ নিষ্ঠাৱান পুৰণি কৰ্মীৰ উপকাৰ সাধিলে সুখী হ’ম। দলৰ পৰা এলাগি কৰি ৰখা পুৰণি কৰ্মীক এতিয়া প্ৰলোভন দিয়া আৰম্ভ হৈছে। বহু নেতাক এতিয়া দলীয় দায়িত্ব, ঠিকা দিয়াৰ প্ৰলোভন আৰম্ভ হৈছে। ফোন কৰি প্ৰলোভন দিয়া আৰম্ভ কৰিছে একাংশই।’’


Post a Comment

Previous Post Next Post