আনুষ্ঠানিকভাৱে শুভাৰম্ভ হ’ল নিযুত মইনা আঁচনিৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিলে নিযুত মইনা আঁচনিৰ। নিযুত মইনা আঁচনিৰ জৰিয়তে ৰাজ্যৰ ১০ লাখ ছাত্ৰী উপকৃত হ’ব বুলি প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে। নিযুত মইনা আঁচনিৰ জৰিয়তে উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীয়ে পাব ১,০০০ টকাকৈ, স্নাতক বৰ্ষত অধ্যয়ন কৰি থকা ছাত্ৰীয়ে পাব ১,২৫০ টকাকৈ। আনহাতে বিশ্ববিদ্যালয়ৰ ছাত্ৰীয়ে পাব ২,৫০০ টকাকৈ নিযুত মইনা আঁচনিৰ জৰিয়তে। স্নাতকোত্তৰৰ বিবাহিতা ছাত্ৰীয়েও পাব নিযুত মইনা আঁচনিৰ ধন।
কোনে-কোনে নাপাব নিযুত মইনা আঁচনিৰ ধন?
উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ বিয়াত বহিলে লাভ নকৰিব নিযুত মইনা আঁচনিৰ ধন। উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ স্কুটী পোৱা ছাত্ৰীয়েও নাপাব নিযুত মইনা আঁচনিৰ ধন। বৰ্তমানৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰীয়ে নাপাই নিযুত মইনা আঁচনিৰ ধন। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি ১০ অক্টোবৰৰ ভিতৰত দিয়া হ’ব নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তিৰ ধন। মন্ত্ৰী-বিধায়কৰ সন্তানে লাভ নকৰিব নিযুত মইনা আঁচনিৰ ধন।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি ‘‘বাল্য বিবাহ ৰোধ কৰাৰ বাবে এই ব্যৱস্থা। National family health surveyৰ মতে ২০ বছৰৰ পৰা ২৪ বছৰৰ ভিতৰত ৩১.৪ % ছোৱালী মাতৃ হয়। অৰ্থাৎ ১৮ বছৰৰ আগতেই বিয়া হৈ যায়। তাৰ পিছত বিভিন্ন অত্যাচাৰৰ সন্মুখীন হ’ব লগীয়া হয়। ধুবুৰী, দক্ষিণ শালমাৰাৰ দৰে ঠাইত ১২-১৩ বছৰৰ ভিতৰত ছোৱালীক বিয়া দি দিয়ে। মধ্য আৰু নামনি অসমত বেছি বাল্য বিবাহ। শিক্ষাই সমাজখন পৰিৱৰ্তন কৰে। ছোৱালীসকলৰ ক্ষেত্ৰত মাক-দেউতাকৰ বোজা কমিব।’’ মুখমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে ‘‘ৰাজ্যত পুনৰ চলিব বাল্য বিবাহ বিৰোধী অভিযান। নৱেম্বৰ-ডিচেম্বৰ মাহত চলিব বাল্য বিবাহ বিৰোধী অভিযান।’’