মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। মহানগৰীৰ হেঙেৰাবাৰীত এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যু হৈছে। হেঙেৰাবাৰীৰ শেৱালী পথৰ হাউচ নম্বৰ ১৭ত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ। জানিব পৰা মতে, ঘৰটোত ভাৰাতীয়া হিচাপে আছিল ধেমাজিৰ মহিলাগৰাকী। ইতিমধ্যে ভাৰাঘৰৰ ভিতৰতে উৱলি যোৱা অৱস্থাত উদ্ধাৰ হৈছে মহিলাগৰাকীৰ মৃতদেহ।
খবৰ অনুসৰি, ভাৰাঘৰৰ কোঠাৰ পৰা উৎকট দুৰ্গন্ধ পাই খিৰিকিৰে চাওতেহে প্ৰত্যক্ষ কৰে ভাৰাঘৰৰ মালিকে। ইতিমধ্যে ভাৰাঘৰৰ মালিকৰ এখন এজাহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে দিছপুৰ আৰক্ষীয়ে। মহিলাগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰা সময়ত কোঠাটোত খোলা আছিল দুৱাৰ। ৰক্তাক্ত অৱস্থাত উঁৱলি গৈছে মৃতদেহটো। প্ৰাথমিক তদন্তত মহিলাগৰাকীক হত্যা কৰাৰ সন্দেহ কৰা হৈছে।
ভাৰাঘৰৰ স্বত্বাধিকাৰী অখিল ভৰালীয়ে জনোৱা অনুসৰি তেওঁ মহিলাগৰাকীৰ নাম নাজানে। আনকি কোঠা ভাৰালৈ দিয়া সময়ত মহিলাগৰাকীৰ কোনো পৰিচয়পত্ৰও লোৱা নাছিল তেওঁ। মৃত মহিলগৰাকী বিবাহিত আছিল বুলি জানিব পৰা গৈছে। আনহাতে, মহিলাগৰাকীৰ কোঠালৈ স্বামীৰ বাহিৰে আন কোনো লোক অহা-যোৱা কৰা দেখা নাই বুলি স্পষ্ট কৰিছে স্বত্বাধিকাৰীয়ে। আৰক্ষীৰ অনুসন্ধানত মহিলাগৰাকীৰ কোঠাৰ পৰা মহিলাগৰাকীৰ পৰিচয় পত্ৰ উদ্ধাৰ কৰা হৈছে। পৰিচয় পত্ৰত উল্লেখ থকা অনুসৰি, মৃত মহিলাগৰাকীৰ নাম মানসী কোঁৱৰ কছাৰী বুলি জানিব পৰা গৈছে। ইতিমধ্যে, দণ্ডাধীশ, আৰক্ষীৰ উপস্থিতিত ফৰেন্সিকৰ দলে পৰীক্ষা অব্যাহত ৰাখিছে কোঠাটোত।