চৰকাৰী হাস্পতালত বৃদ্ধি পালে চিকিৎসা ব্যয়, বৃদ্ধি পালে ৰেজিষ্ট্ৰেচন মাচুলৰ লগতে বিভিন্ন পৰীক্ষাৰ দাম

 


চৰকাৰী হাস্পতালত বৃদ্ধি পালে চিকিৎসা ব্যয়। এতিয়াৰ পৰা আপুনি চৰকাৰী হাস্পতালত চিকিৎসা কৰিবলৈ আহিলে পূৰ্বতকৈ অধিক খৰচ কৰিব লাগিব। পঞ্জীয়ন মাচুলকে ধৰি বিভিন্ন পৰীক্ষাৰ খৰচো বৃদ্ধি পালে চৰকাৰী হাস্পতালত। ৫০ৰ পৰা ৭৫ শতাংশ বৃদ্ধি পালে জৰুৰীকালীন পৰীক্ষাৰ খৰচ।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আজিৰে পৰা বৃদ্ধি পালে পঞ্জীয়ন মাচুল। জি এম চি এইচত পূৰ্বে ৰেজিষ্ট্ৰেচনৰ মাচুল আছিল ১০ টকা। এতিয়াৰে পৰা ৰেজিষ্ট্ৰেচনৰ নামত দিব লাগিব ২০ টকা। লগতে প্ৰায় ১০৭টা বিভিন্ন পৰীক্ষাৰ দাম বৃদ্ধি কৰা হৈছে।

পূৰ্বে পেয়িং কেবিনৰ নামত দিব লাগিছিল ১০০০ টকা, এতিয়াৰে পৰা ৰোগীয়ে ভৰিব লাগিব ১২০০ টকা। প্ৰতিখন বিচনাৰ নামত দৈনিক দিব লাগিব ২০ টকা।D ভিটামিনৰ পূৰ্বৰ ১২০০ৰ পৰিৱৰ্তে এতিয়া ১৫০০ টকা, থাইৰয়ডৰ পৰীক্ষাৰ বাবদ ৬০০ৰ পৰিৱৰ্তে ৮০০ টকা। লিপিড প্ৰফাইল টেষ্টৰ পূৰ্বৰ দাম আছিল ৩৬৫ টকা, বৰ্তমান এই টেষ্টৰ দাম হ’লগৈ ৫০০ টকা।

Post a Comment

Previous Post Next Post