২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে ভাৰতীয় জনতা পাৰ্টীয়ে। ’২৬ৰ বিধানসভা নিৰ্বাচন হ’ব বিজেপিৰ বাবে ফাইনেল! কিন্তু, তাৰে পূৰ্বে অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন, পঞ্চায়ত আৰু BTRৰ নিৰ্বাচন। ২০২৫ বৰ্ষত অনুষ্ঠিতব্য BTR নিৰ্বাচনৰ পূৰ্বে হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে এতিয়া একশ্য়ন মুডত বিজেপি। ছেপ্টেম্বৰত দেশৰ ৩৯টা সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন।
অসমৰো পাঁচ সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন। পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে বিজেপিয়ে তুংগত কৰি তুলিছে প্ৰস্তুতি। ৪ আগষ্টত গুৱাহাটীত অনুষ্ঠিত হ’ব বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক। তাতেই প্ৰস্তুত কৰা হ’ব উপ-নিৰ্বাচনৰ ৰূপৰেখা। তাৰ পাছতে বিহালী, চামগুৰি আৰু ধলাই সমষ্টিৰ প্ৰাৰ্থীতালিকা চূড়ান্ত কৰা সন্দৰ্ভত ৰাজ্যিক নেতৃত্ব হ’ব আলোচনা। পাঁচ সমষ্টিৰ ভিতৰত চাৰিটা সমষ্টিত বিজেপি মিত্ৰজোঁটে জয়লাভ কৰাৰ দাবী সভাপতি ভৱেশ কলিতাৰ।
তাৰ বিপৰীতে চামগুৰি সমষ্টিত জয় কঠিন হোৱাৰ কথা স্বীকাৰ সভাপতিগৰাকীৰ।ইফালে, উপ-নিৰ্বাচনক লৈ শীঘ্ৰে আলোচনাত বহিব মিত্ৰজোঁটৰ অংশীদাৰী দল অসম গণ পৰিষদ।লগতে দলৰ বিষয়ববীয়াৰ সৈতে আলোচনা কৰি চূড়ান্ত কৰা হ’ব বঙাইগাঁও সমষ্টিৰ প্ৰাৰ্থী।মিত্ৰজোঁটৰ এইসমূহ নিৰ্বাচনী ৰণকৌশলেৰ বিপৰীতে কংগ্ৰেছৰ উপ-নিৰ্বাচনৰ কি ৰণকৌশল হ’ব, সেয়া এতিয়া ডাঙৰ প্ৰশ্ন। উল্লেখযোগ্য যে বিহালী, চামগুৰি আৰু ধলাইত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে চিদলীত ইউপিপিএল আৰু বঙাইগাঁৱত অসম গণ পৰিষদে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।