প্ৰকৃতিৰ ৰোষত কেৰালাৰ ৱাইনাড়। ৭২ ঘণ্টাত সম্পূৰ্ণ ছবিয়ে সলনি হৈ পৰিছে প্ৰকৃতিৰ ৰোষত। কেৰালাৰ ৱাইনাড়ত যি চাৰিখন গাঁও প্ৰকৃতিৰ ধ্বংসলীলাত তচনচ হৈ পৰিছে, তাৰ ভিতৰত এখন চুৰালমালা।
মেপ্পাড়ি গাঁও পঞ্চায়তৰ ভিতৰত পৰে এই দৃষ্টিনন্দন পাহাৰীয়া গাঁওখন। ১০০টা পৰিয়াল আছিল এই গাঁওখনত। পাহাৰৰ পৰা প্ৰকাণ্ড প্ৰকাণ্ড শিল বাগৰি ধ্বংস কৰি পেলালে ৮৫টাৰো অধিক বাসগৃহ। শিলৰ মাজত ভগ্নপ্ৰায় অৱস্থাত থিয় হৈ ৰৈছে ঘৰবোৰ। এই গাঁওখনতে আছিল পকী পথ, স্কুল সকলো, কিন্তু এতিয়া সকলো ধ্বংসস্তুপত পৰিণত হৈছে।
ভূমিস্খলনৰ ঘটনাৰ পিছত চুৰালমালালৈ আহিছিল ডেনিয়েল। চুৰালমালাৰ চৰকাৰী উচ্চ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল ডেনিয়েল। সংবাদ মাধ্যমৰ আগত তেওঁ কয়, ‘‘গাঁওখন চিনিবই পৰা নাই। ইয়াতেই আমাৰ ছাত্ৰ-ছাত্ৰীসকল আছিল। তেওঁলোকৰ সন্তানবোৰ ইয়াতেই ডাঙৰ-দীঘল হৈছে। কিন্তু সকলোবোৰ হেৰাই গ’ল, ভাবিবও পৰা নাই।’’
গাঁওখনৰে এজন খেতিয়ক মইদিনকুট্টিয়ে জনায়, ‘‘সোমবাৰে নিশা হেলিকপ্টাৰৰ দৰে শব্দ শুনিবলৈ পাইছিলো। কি হৈছে বুজিব পৰা নাছিলো যদিও এটা সন্দেহ জাগিছিল। নিশা টোপনি ভঙাৰ লগে লগে ঘৰৰ পৰা ওলাই আহিছিলো। বাহিৰলৈ আহিয়ে ভাবিছোল জোৰকৈ বতাহ বলিছে। পোৰা মাটি আৰু বাৰুদৰ দৰে গোন্ধ ভাহি আহিছিল।’’তাৰ পিছতে বিকট শব্দ শুনিবলৈ পাইছিল তেওঁ। শব্দটো আহিছিল পাহাৰৰ ফালৰ পৰা। সেইফালে চোৱাৰ লগে লগে চকু থৰ হৈ ৰ’ল তেওঁৰ। ভয়ানক বিপদৰ আগজাননী পাই ঘৰলৈ উভতি হাতত যি পায় তাকে লৈ নিৰাপদ স্থানলৈ গতি কৰে। যোৱাৰ সময়ত চুবুৰীয়াক সতৰ্ক কৰি দিয়ে তেওঁ। মইদিনকুট্টিয়ে কয়, ‘‘আচলতে বাৰুদ আৰু পোৰা মাটিৰ যি গোন্ধ বতাহত ভাহি আহিছিল সেই গোন্ধ সৃষ্টি হৈছিল পাহাৰ পৰা নামি অহা ডাঙৰ ডাঙৰ শিলৰ ধৰ্ষণৰ ফলত।’’