মঙলদৈৰ কৃষ্ণামণি ডেকাৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। প্ৰথমে প্ৰেমিকাক হত্যা আৰু তাৰ পিছত প্ৰেমিকে চূড়ান্ত সিদ্ধান্ত লোৱাৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ জিলাখন। এই ঘটনাৰ বিভিন্ন অভিযোগ, প্ৰতি অভিযোগ আহিছে। কিন্তু প্ৰকৃত সত্য আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব। কিন্তু ইয়াৰ মাজতে কেতবোৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে আৰক্ষীৰ তদন্তত। প্ৰেমিকাক হত্যাৰ পিছতে চিণ্টুৱে ম’বাইলৰ ভইচ ৰেকৰ্ডিঙত কি কৈ গৈছিল? আৰক্ষীৰ তদন্তত কি পোহৰলৈ আহিল?
আৰক্ষীয়ে এতিয়াও উদ্ধাৰ কৰিব পৰা নাই কৃষ্ণামণিৰ ম’বাইল ফোন। কিন্তু চিণ্টুৰ ম’বাইল ফোনত আৰক্ষীয়ে লাভ কৰিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য। আৰক্ষী সূত্ৰে জানিব পৰা মতে, প্ৰেমিকা কৃষ্ণামণিক হত্যা কৰাৰ পিছত চিণ্টুৱে নিজৰ ম’বাইলত ভইচ ৰেকৰ্ডাৰ উলিয়াই কিছুমান কথা ৰেকৰ্ড কৰিছিল। চিণ্টুৱে ভইচ ৰেকৰ্ডিঙত কৃষ্ণামণিয়ে মন্দিৰলৈ লগৰ ছোৱালীৰ সৈতে নহয়, দুজন ল’ৰাৰ লগত গৈছিল বুলি উল্লেখ কৰি গৈছে। যাৰ বাবে তেওঁৰ খুব খং উঠিছিল।
কিন্তু আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে কৃষ্ণামণিয়ে কোনো ল’ৰাৰ সৈতে নহয়, বৰং দুজনী বান্ধৱীৰ সৈতেহে গৈছিল মন্দিৰলৈ। তেন্তে কিয় ভইচ ৰেকৰ্ডিঙত মিছা কথা ৰেকৰ্ডিং কৰি গ’ল চিণ্টুৱে? সেয়াও এক প্ৰশ্ন।
জানিব পৰা মতে, চিণ্টুৱে অত্যন্ত শাসনত ৰাখিছিল কৃষ্ণামণিক। কাৰো সৈতে ক’লৈকো যাবলৈ নিদিছিল। কিন্তু সেইদিনা কৃষ্ণাই লগৰ বান্ধৱীৰ সৈতে গৈছিল মন্দিৰলৈ। যি কথাত হয়তো খঙত অগ্নিশৰ্মা হৈ পৰিছিল চিণ্টু। আৰু মন্দিৰলৈ ওলাই যোৱা কৃষ্ণাক বাইকত উঠাই চিণ্টুৱৈ লৈ গৈছিল বায়েকৰ ঘৰলৈ। বায়েকৰ ঘৰত কৃষ্ণাক দিনৰ ভাগতে হত্যা কৰিছিল চিণ্টুৱে। সন্ধিয়া মৃতদেহটো বস্তাত ভৰাই পেলাই দিছিল পথৰ দাঁতিত। তাৰ পিছত নিশাটো ঘৰতে আছিল চিণ্টু।