কলিয়াবৰৰ উলুৱনি থানাত আত্মসমৰ্পণ বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাৰ



 অৱশেষত কলিয়াবৰত আত্মসমৰ্পণ বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাৰ। উলুৱনি আৰক্ষী থানাত আত্মসমৰ্পণ কৰিছে ৰকিবুল হুদাই। তেল চুৰি গেঙৰ সৈতে নাম সাঙোৰ খাইছে ৰকিবুল হুদাৰ। প্ৰাপ্ত খবৰ অনুসৰি, ৰকিবুল হুদাক স্বাস্থ্য পৰীক্ষাৰ বাবে কিছুসময় পিছতে লৈ যোৱা হ’ব কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ। বিগত ৪৮ ঘণ্টা ধৰি আৰক্ষীয়ে গুৱাহাটী, ৰূপহীত অভিযান চলাই আছিল তেল চুৰি চক্ৰটোৰ বিৰুদ্ধে। ইতিমধ্যে, শনিবাৰে এই ঘটনাৰ সৈতে জড়িত পাঁচজনক গ্ৰেপ্তাৰ কৰিছে কলিয়াবৰ আৰক্ষীয়ে।


উল্লেখ্যে যে শনিবাৰে কলিয়াবৰত উৎখাত হৈছিল তেল চুৰি চক্ৰ। কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তৰ নেতৃত্বত কলিয়াবৰ আৰক্ষীৰ জালত পৰিছিল তেল চুৰিৰ বৃহৎ গেং। কলিয়াবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ তেল চোৰৰ গেঙৰ পাঁচ সদস্যক। তেজপুৰ কছাৰী পামৰ আলম আলি, তেজপুৰৰ ভোমোৰাগুৰিৰ আব্দুল খলিল, বাগৰিৰ জামালউদ্দিন, বাগৰি হাৰমতিৰ তাহেৰ আলি আৰু চামগুৰি খলিহামাৰীৰ ইব্ৰাহিম আলি গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।আৰক্ষীয়ে জব্দ কৰিছিল দুখন বিলাসী বাহন আৰু নগদ ১ লাখ টকা। তেল চুৰি চক্ৰটোৱে ব্যৱহাৰ কৰা AS-12AA-2648 নম্বৰৰ চুইফ্ট বাহন আৰু AS-12AE-8977 নম্বৰৰ কিয়া বাহন জব্দ কৰে আৰক্ষীয়ে। কলিয়াবৰৰ আমনিৰ পৰা নলতলি এলেকাৰ মাজত কৰিছিল তেল চুৰি। উলুৱনী আৰক্ষী নিৱেশত ৫ অভিযুক্তক ইতিমধ্যে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Post a Comment

Previous Post Next Post