MrJazsohanisharma

পুৱতি নিশা গৈ থকা বাছখন বাগৰি পৰিল দ খাৱৈত, চকুৰ সন্মুখতে মৃত্যু ৭জনৰ



 গন্তব্যলৈ গৈ নাপালেই তেওঁলোকে। হঠাৎ এটা প্ৰচণ্ড শব্দ। আৰু তাৰ পাছত সকলোৰে চকুৱে-মুখে কেৱল আতংক। ভাঁহি আহিছে মৰণকাতৰ আৰ্তনাদ। চকুৰ সমুখতে মৃত্যু হ’ল ৭জনকৈ লোকৰ। সেই দৃশ্য দেখি কঁপি উঠিল সহযাত্ৰীসকলৰ হৃদয়। এখন যাত্ৰীবাহী বাছ আৰু এখন বাহনৰ মুখামুখি সংঘৰ্ষই নিমিষতে তচনচ কৰি দিলে কেইবাটাও পৰিয়াল। নৈশ যাত্ৰাত প্ৰায় ৬০গৰাকী যাত্ৰীয়ে যাত্ৰা কৰিছিল বাছখনত। নিৰাপদে তেওঁলোকে মুদিছিল চকু। কিন্তু পুৱতি নিশা এটা প্ৰচণ্ড শব্দ আৰু অদ্ভুত জোকাৰণিয়ে তন্দ্ৰা ভাঙে তেওঁলোকৰ। তাৰ পাছৰ পৰিস্থিতি অকল্পনীয়, অবৰ্ণনীয়…


এখন যাত্ৰীবাহী বাছ আৰু অন্য এখন বাহনৰ সংঘৰ্ষত ৭জন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন ২৫জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয় দেওবাৰে পুৱতি নিশা। দুৰ্ঘটনাটোৰ সময়ত বাছখনত প্ৰায় ৬০জন যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। সমুখৰ পৰা আহি থকা অন্য বাহনখনৰ সৈতে সংঘৰ্ষৰ পাছত যাত্ৰীসকলৰ সৈতে বাছখন বাগৰি পৰে এটা ২০ ফুট গভীৰ খাৱৈত। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ২৫জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আহতসকলৰ এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।এই ভয়ংকৰ পথ দুৰ্ঘটনাটোত বাছখনত থকা চাৰিজন যাত্ৰীৰ মৃত্যু হৈছিল। এতিয়ালৈকে তেওঁলোকৰ মাত্ৰ এজনক চিনাক্ত কৰা হৈছে। মৃত লোকজনক এম প্ৰকাশ তিৱাৰী (৫০) বুলি চিনাক্ত কৰা হৈছে। তেওঁ লখিমপুৰৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে।


এই ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ উচাহাৰ অঞ্চলৰ লক্ষ্ণৌ-আগ্ৰা এক্সপ্ৰেছৱে’ত। ঘটনাৰ বিৱৰণী অনুসৰি যাত্ৰীবাহী বাছখন দেওবাৰে পুৱতি নিশা ৰায়বেৰেলীৰ পৰা দিল্লীলৈ গৈ আছিল। হঠাতে বাছখন ভুলপথেৰে অহা এখন গাড়ীৰ সৈতে খুন্দা খাই দ খাৱৈত বাগৰি পৰে। উত্তৰ প্ৰদেশৰ লখিমপুৰৰ বাসিন্দাজনৰ উপৰি দুৰ্ঘটনাত পতিত হোৱা আন এখন বাহনৰ তিনিজন আৰোহীয়ে ঘটনাস্থলীতে মৃত্যুবৰণ কৰে। মৃতসকলক মনু (২৫), তেওঁৰ মাতৃ চন্দা দেৱী আৰু প্ৰদ্যুম্ন (২৪) বুলি চিনাক্ত কৰা হৈছে। মৃত তিনিওজন লোক একেটা পৰিয়ালৰে সদস্য আছিল। তেওঁলোকে ৰাজস্থানৰ পৰা কনৌজৰ তালগ্ৰামলৈ উভতি আহিছিল।

Post a Comment

Previous Post Next Post